SBI, HDFC, ICICI আৰু বেংক অফ বৰোদাই জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আগবঢ়াইছে বিশেষ অ'ফাৰ। কিন্তু অহা ৩০ জুনত শেষ হ'ব এই অফাৰৰ ম্যাদ। বিগত বছৰ অর্থাৎ ২০২০ বৰ্ষৰ মে' মাহতেই বেংকসমূহে জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ প্ৰস্তাৱ লৈ আহিছিল। যিয়ে নিৰ্বাচিত মিউচেৰিটিৰ সৈতে থকা FD (Fixed Deposit)ত জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰযোজ্য সুতৰ হাৰৰ ওপৰত ০.৫০ শতাংশ লৈকে অতিৰিক্ত সুত প্ৰদান কৰিছিল । যি নিয়মীয়া গ্ৰাহকসকক পৰিশোধ কৰা সুততকৈ ১ শতাংশ অধিক আছিল ।
প্ৰথমে এই প্ৰস্তাৱৰ সময়সীমা আছিল ৩১ মাৰ্চ আছিল যদিও পিছৰ পৰ্যায়ত ইয়াক ৩০ জুন, ২০২১ লৈ বৃদ্ধি কৰা হয়। অৰ্থাৎ এই সুবিধা লাভ কৰিবলৈ জ্যেষ্ঠ নাগৰিসকলৰ হাতত মাত্ৰ এই মাহটোহে বাকী আছে ।
SBI : ভাৰতীয় ষ্টেট বেংকত সাধাৰণ নাগৰিকসকলক বৰ্তমানে ৫ বছৰীয়া FDৰ ক্ষেত্ৰত ৫.৪ শতাংশ প্ৰদান কৰি থকা হৈছে । কিন্তু যদিহে এগৰাকী জ্যেষ্ঠ নাগৰিকে এই বিশেষ FD আঁচনিৰ অধীনত FD লয়, তেন্তে তেওঁ ৬.২০ শতাংশ সুত লাভ কৰিব । আঁচনিখন ৫ বছৰ বা তাতকৈ অধিক সময়ৰ বাবে হ'ব লাগিব ।
HDFC Bank : HDFC বেংকে Senior Citizen Care প্ৰৱৰ্তন কৰিছে। বেংকে এই জমাবোৰৰ ওপৰত ০.৭৫ শতাংশ অধিক সুত পৰিশোধ কৰে। যদি এগৰাকী জ্যেষ্ঠ নাগৰিকে HDFC বেংকৰ জ্যেষ্ঠ নাগৰিক যত্নৰ অধীনত ফিক্সড ডিপোজিত জমা কৰে, তেন্তে তেওঁৰ FDৰ বাবে প্ৰযোজ্য সুতৰ হাৰ হ'ব ৬.২৫ শতাংশ।
বেংক অৱ বৰোদা (BoB): বেংক অৱ বৰোদাৰ বিশেষ FD আঁচনিৰ অধীনত ৫ বছৰৰ পৰা ১০ বছৰৰলৈকে যদি কোনো এগৰাকী জ্যেষ্ঠ নাগৰিকে ফিক্সড ডিপোজিট কৰে । তেন্তে তেওঁ এই জমাৰ বাবে প্ৰযোজ্য সুতৰ হাৰ হ'ব ৬.২৫ শতাংশ।
ICICI Bank : ICICI বেংকে জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ FD আঁচনি ICICI বেংক গল্ডেন ইয়েৰ (ICICI Bank Golden Years) আঁচনি আৰম্ভ কৰিছে। বেংকে এই আঁচনিৰ অধীনত ০.৮০ শতাংশতকৈ অধিক সুত আগবঢ়াইছে । ICICI বেংক গল্ডেন ইয়েৰ FD আঁচনিয়ে জ্যেষ্ঠ নাগৰিকসকলক বছৰি ৬.৩০ শতাংশ সুত প্ৰদান কৰি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|