দেশৰ সৰ্ববৃহৎ চৰকাৰী মালিকানাধীন বেংক ভাৰতীয় ষ্টেট বেংক চমুকৈ SBIয়ে ইয়াৰ গ্ৰাহকসকলৰ বাবে ভিন্ন ধৰণৰ বিশেষ সুবিধা আগবঢ়ায় । তেনেস্থলত যদিহে আপুনি ষ্টেট বেংকৰ সৈতে জন ধন একাউণ্ট খুলি ৰাখিছে, ই আপোনাৰ বাবে এটা ভাল খবৰ । কিয়নো SBIয়ে ইয়াৰ জন ধন একাউণ্টৰ গৰাকীক ২ লাখ টকালৈকে এক বিশেষ সুবিধা প্ৰদান কৰিছে । SBIয়ে টুইটযোগে ইয়াৰ গ্ৰাহকসকলক এই বিষয়ে অৱগত কৰিছে ।
যিহেতু জন ধন গ্ৰাহকসকলক বেংকৰ তৰফৰ পৰা SBI Rupay Jandhan Cardৰ সুবিধা প্ৰদান কৰা হয় ৷ সেয়েহে SBIয়ে এই কাৰ্ডখনতে গ্ৰাহকসকলক শেহতীয়াকৈ ২ লাখ টকালৈকে দুৰ্ঘটনাজনিত বীমা কভাৰ আগবঢ়াইছে । Rupay কাৰ্ডৰ সহায়ত আপুনি একাউণ্টৰ পৰা টকা উলিয়াব পাৰিৰ আৰু প্ৰয়োজনীখিনি ক্ৰয় কৰিব পাৰিব ।
SBIয়ে তেওঁলোকৰ অফিচিয়েল টুইটাৰ একাউণ্টত লিখিছে যে যদি আপুনি SBI Rupay Jandhan Cardৰ বাবে আবেদন কৰে, তেন্তে আপুনি ২ লাখ টকালৈকে দুৰ্ঘটনাজনিত বীমা কভাৰ লাভ কৰিব । এই চৰকাৰী একাউণ্টৰ অধীনত গ্ৰাহকসকলে বহু বিশেষ সুবিধা লাভ কৰে। বেংকে গ্ৰাহকসকলক Rupay Cardৰ সুবিধাও প্ৰদান কৰে, যাৰ অধীনত আপুনি টকা উলিয়াব পাৰে।
জন ধন একাউণ্টৰ লাভালাভ-
>> ৬ মাহৰ পিছত অভাৰড্ৰাফ্টৰ সুবিধা
>> ২ লাখ টকালৈকে দুৰ্ঘটনাজনিত বীমা কভাৰ
>> ৩০,০০০ টকালৈকে লাইফ কভাৰ, যি হিতাধিকাৰীৰ মৃত্যুৰ ওপৰত যোগ্যতাৰ চৰ্তাৱলী পূৰণ কৰাৰ বাবে উপলব্ধ
>> জমাৰ ওপৰত সুত লাভ
>> একাউণ্টৰ সৈতে বিনামূলীয়া ম’বাইল বেংকিং সুবিধাও প্ৰদান কৰা হয়।
>> জন ধন একাউণ্ট খোলা ব্যক্তিজনক Rupay Debit Card এখন দিয়া হয় যাতে তেওঁ একাউণ্টৰ পৰা টকা উলিয়াব পাৰে বা ক্ৰয় কৰিব পাৰে।
>> জন ধন একাউণ্টৰ জৰিয়তে বীমা, পেঞ্চন সামগ্ৰী ক্ৰয় কৰা সহজ।
>> জন ধন একাউণ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ আৰু শ্ৰমযোগী মান ধনৰ দৰে আঁচনিৰ বাবে পেঞ্চন একাউন্ট খোলা হ'ব ।
>> সমগ্ৰ দেশতে ট্ৰান্সফাৰৰ সুবিধা
>> চৰকাৰী আঁচনিৰ লাভালাভৰ প্ৰত্যক্ষ ধন পোনপটীয়াকৈ একাউন্টলৈ আহিব ।
এনেদৰে খোলক এই একাউন্ট -
যদি আপুনি আপোনাৰ নতুন জন ধন একাউণ্ট খুলিব বিচাৰে, আপুনি আপোনাৰ ওচৰৰ বেংকলৈ গৈ সহজে কৰিব পাৰিব সকলো । ইয়াৰ বাবে, আপুনি বেংকত এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । য’ত নাম, ম'বাইল নম্বৰ, বেংক শাখাৰ নাম, আবেদনকাৰীৰ ঠিকনা, মনোনীত ব্যক্তি, ব্যৱসায়/নিযুক্তি আৰু বাৰ্ষিক উপাৰ্জন আৰু নিৰ্ভৰশীলৰ সংখ্যা, এছ.এছ.এ. কোড বা ৱাৰ্ড নম্বৰ, ভিলেজ কোড বা টাউন কোড আদিৰ বিষয়ে তথ্য প্ৰদান কৰিব লাগিব।
এই নথিপত্ৰসমূহৰ সহায়ত খোলক একাউণ্ট -
আধাৰ কাৰ্ড, পাছপোৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, NREGA জব কাৰ্ড, নাম, ঠিকনা আৰু আধাৰ নম্বৰৰ সৈতে এখন পত্ৰ, একাউণ্ট খোলাৰ প্ৰমাণিত ফটোৰ সৈতে ৰাজপত্ৰিত বিষয়াই জাৰী কৰা এখন পত্ৰৰ প্ৰয়োজন হ’ব ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|