Fixed Depositৰ ধন Withdraw নকৰিব! ঘনে ঘনে ধন উলিওৱাসকলৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব SBI–এ

News18 Assam | News18-Assam
Updated:June 10, 2021, 4:11 PM IST
Fixed Depositৰ ধন Withdraw নকৰিব! ঘনে ঘনে ধন উলিওৱাসকলৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব SBI–এ
ভাৰতীয় ষ্টেট বেংকে কৈছে যে আপুনি নিৰ্ধাৰিত সময়ৰ আগতে মোকলোৱা এফডিৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল।

ভাৰতীয় ষ্টেট বেংকে কৈছে যে আপুনি নিৰ্ধাৰিত সময়ৰ আগতে মোকলোৱা এফডিৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল।

  • Share this:
ধন সঞ্চয়ৰ ক্ষেত্ৰত আপুনিও নিশ্চয় বিভিন্ন বেংকৰ ফিক্সড ডিপজিট (Fixed Deposit) আঁচনিৰ সুবিধা গ্ৰহণ কৰে। ফিক্সড ডিপজিট বা এফডিৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকে সাল-সলনি কৰিছে কিছু নিয়ম। যদি আপুনিও ধন সঞ্চয়ৰ বাবে ফিক্সড ডিপজিটৰ সহায় লৈছে তেন্তে আপোনাৰ বাবে এই খবৰ অতি গুৰুত্বপূৰ্ণ। ভাৰতীয় ষ্টেট বেংকে (State Bank Of India) কৈছে যে যদিও আমি ফিক্সড ডিপজিট (SBI Fixed Deposit)ক সুৰক্ষিত বিনিয়োগ বুলি বিবেচনা কৰোঁ তথাপিও আপুনি যদি মেচিউৰিটিৰ পূৰ্বে এফডিৰ টকা উঠাই লয় তেন্তে আপোনাৰ যথেষ্ট ক্ষতি হ'ব। ভাৰতীয় ষ্টেট বেংকে কৈছে যে আপুনি নিৰ্ধাৰিত সময়ৰ আগতে মোকলোৱা এফডিৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল। উল্লেখ্য যে, বেংকে ৭ দিনৰ পৰা ১০ বছৰলৈ এফডিৰ (Fixed Deposit) সুবিধা প্ৰদান কৰে। গতিকে তেনে ক্ষেত্ৰত আপুনি নিৰ্ধাৰিত সময়ৰ পূৰ্বে ধন মোকলোৱাৰ বাবদ মাচুল হিচাপে কিমান টকা পৰিশোধ কৰিব লাগিব সেই বিষয়ে জানো আহক।

কেতিয়াবা কিছু বিশেষ কাৰণ অথবা আৰ্থিক সংকটত মানুহে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই এফডিৰ ধন মোকলাই লয় সেয়েহে বেংকে আপোনাৰ পৰা এইক্ষেত্ৰত কিছু মাচুল আদায় কৰে। যদি আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক আৰু সময়ৰ পূৰ্বে এফডিৰ ধন উলিয়াই আছে তেন্তে আপুনি বেংকক তাৰ বাবদ মাচুল পৰিশোধ কৰিব লাগিব।

SBIত সময়ৰ পূৰ্বে FDৰ ধন মোকলালে কিমান টকা দিব লাগিব মাচুল -

যদি এজন ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকে বেংকৰ এফডিৰ পৰা ৫ লাখ টকালৈকে উলিয়াই তেন্তে তেওঁ ০.৫০ শতাংশ জৰিমনা হিচাপে পৰিশোধ কৰিব লাগিব। ইয়াৰোপৰি এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আপুনি টোল-ফ্ৰী নম্বৰ 1800-425-3800, 1800-11-2211 বা 080-2659990-ত এছবিআইৰ গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰিব পাৰে।

বৰ্তমান FDত কিমান সুত লাভ কৰে -

যদি আপুনি এছবিআইত এফডি খোলে আৰু ৩ৰ পৰা ৫ বছৰৰ বাবে বিনিয়োগ কৰে, তেন্তে ইয়াৰ পৰা ৫.৪ শতাংশ সুত প্ৰাপ্ত কৰিব। আনহাতে, জ্যেষ্ঠ নাগৰিকসকলক সকলো সময়তে অতিৰিক্ত ৫০ বিপিএছ সুতৰ হাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ৪৬ দিনৰ পৰা ১৭৯ দিনৰ ভিতৰত স্থিৰ জমাৰ ৩.৯ শতাংশ সুত আৰু ১৮০ দিনৰ পৰা এবছৰতকৈ কম সময়ৰ ভিতৰৰ এফডিত ৪.৪ শতাংশ সুত লাভ কৰিব।

জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ সুবিধা -

বেংকে জ্যেষ্ঠ নাগৰিকৰ বাবে এছবিআই 'Wecare Deposite'ৰ বিশেষ এফডি আঁচনি অব্যাহত ৰাখিছে। এই আঁচনিত সাধাৰণ ৰাইজৰ বাবে প্ৰযোজ্য হাৰতকৈ ৮০ বেছিছ পইণ্টৰ অধিক সুত লাভ কৰে। যদি এজন জ্যেষ্ঠ নাগৰিকে বিশেষ এফডি আঁচনিৰ অধীনত স্থিৰ জমা কৰে তেতিয়া এফডিৰ বাবে প্ৰযোজ্য সুতৰ হাৰ হ'ব ৬.২০ শতাংশ।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 4:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি