পোষ্ট অফিচ টাৰ্ম ডিপোজিট আঁচনিত ১ বছৰৰ পৰা ৫ বছৰলৈ জমা কৰিব পাৰে৷ চলিত বৰ্ষৰ ১ এপ্ৰিলত ডাকঘৰে জমাৰ ওপৰত সুতৰ হাৰ সংশোধন কৰে। পোষ্ট অফিচ টাৰ্ম ডিপোজিট আঁচনিত ১ বছৰৰ পৰা ৫ বছৰলৈ জমা কৰিব পাৰে৷ চলিত বৰ্ষৰ ১ এপ্ৰিলত ডাকঘৰে জমাৰ ওপৰত সুতৰ হাৰ সংশোধন কৰে। SBI vs Post Office Deposit Rate 2021: জমা আঁচনি যেনে ফিক্সড ডিপোজিট (FD)ৰ লগতে আন জমা আঁচনিবোৰো যদি নিয়মীয়া ব্যৱধানত কৰা হয় তেন্তে ই অত্যন্ত লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে৷ লগতে গ্ৰাহকজনে যদি সঠিককৈ বিনিয়োগ আঁচনিত বিনিয়োগ কৰে তেন্তে ভাল ৰিটাৰ্ণো লাভ কৰিব পাৰে।
বেংক ফিক্সড ডিপোজিটৰ সৈতে প্ৰায় একে এনে এক আঁচনি হৈছে পোষ্ট অফিচ টাৰ্ম ডিপোজিট আঁচনি আৰু যি তিনিমহীয়া সুতৰ হাৰ সংশোধনী হয়।
ইতিমধ্যে চৰকাৰে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে আৰু তেনেস্থলত ই অপৰিৱৰ্তিত হৈ থাকিব।
পোষ্ট অফিচ টাৰ্ম ডিপোজিট আঁচনিত ১ বছৰৰ পৰা ৫ বছৰলৈ জমা কৰিব পাৰে৷ চলিত বৰ্ষৰ ১ এপ্ৰিলত ডাকঘৰে জমাৰ ওপৰত সুতৰ হাৰ সংশোধন কৰে। এতিয়াৰে পৰা ১ৰ পৰা ৩ বছৰৰ জমা সময়ৰ বাবে, ই ৫.৫% সুতৰ হাৰ প্ৰদান কৰিব আৰু ৫ বছৰ সময়সীমাৰ জমা একাউণ্টৰ বাবে ৬.৭% সুতৰ হাৰ প্ৰদান কৰিব।
১ বছৰ : ৫.৫%, ২ বছৰ : ৫.৫%, ৩ বছৰ : ৫.৫% আৰু ৫ বছৰ : ৬.৭ %।
ইপিনে ভাৰতীয় ষ্টেট বেংক(SBI)য়ে শেহতীয়াকৈ ফিক্সড ডিপোজিটক ৭ দিনৰ পৰা ৪৫ দিনৰ ভিতৰলৈ আনিব, য’ত তেওঁলোকে ২.৯% সুত প্ৰদান কৰিব। অন্যান্য ফিক্সড ডিপোজিটৰ ওপৰত ভাৰতীয় ষ্টেট বেংকৰ সুতৰ হাৰ হ’ব এনেধৰণৰ :
৭ দিনৰ পৰা ৪৫ দিনলৈ- ২.৯% , ৪৭ দিনৰ পৰা ১৭৯ দিনলৈ - ৩.৯%, ১৮০ দিনৰ পৰা ২১০ দিনলৈ - ৪.৪%, ২১১ দিনৰ পৰা ১ বছৰতকৈ কম - ৪.৪%, ১ বছৰৰ পৰা ২ বছৰতকৈ কম - ৫%, ২ বছৰৰ পৰা ৩ বছৰতকৈ কম - ৫.১%, ৩ বছৰৰ পৰা ৫ বছৰতকৈ কম - ৫.৩% আৰু ৫ বছৰ আৰু ১০ বছৰলৈকে - ৫.৪%।
Published by: Sanjay Kumar Das
First published: April 05, 2021, 14:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|