SBI গ্ৰাহকৰ কাৰণে ডাঙৰ খবৰ! বেংকৰ নতুন স্কীমৰ সৈতে ঘৰৰ পৰাই ৰাহি কৰক EMI

News18 Assam | News18-Assam
Updated:September 22, 2020, 11:45 AM IST
SBI গ্ৰাহকৰ কাৰণে ডাঙৰ খবৰ! বেংকৰ নতুন স্কীমৰ সৈতে ঘৰৰ পৰাই ৰাহি কৰক EMI
এছবিআইয়ে নিজৰ গ্ৰাহকৰ কাৰণে এটা নতুন অনলাইন প’ৰ্টেল আৰম্ভ কৰিছে আৰু ইয়াৰ জৰিয়তে গ্ৰাহকে ঘৰত বহি নিজৰ লোন স্ট্ৰাকচাৰিং কৰিব পাৰিব।

এছবিআইয়ে নিজৰ গ্ৰাহকৰ কাৰণে এটা নতুন অনলাইন প’ৰ্টেল আৰম্ভ কৰিছে আৰু ইয়াৰ জৰিয়তে গ্ৰাহকে ঘৰত বহি নিজৰ লোন স্ট্ৰাকচাৰিং কৰিব পাৰিব।

  • News18 Assam
  • Last Updated: September 22, 2020, 11:45 AM IST
  • Share this:
নতুন দিল্লীঃ ষ্টেট বেংক অৱ ইণ্ডিয়াই ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশ অনুসৰি লোন স্ট্ৰাকচাৰিঙৰ পলিচী প্ৰস্তুত কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ক’ভিড–১৯ৰ (COVID-19) প্ৰভাৱৰ পৰা বেংকৰ খুচুৰা ঋণগ্ৰস্ত সকলক (Retail Borrowers) সকাহ প্ৰদান কৰা। লোন ষ্ট্ৰাকচাৰিঙৰ পলিচী বলৱৎ কৰিবলৈ এছবিআইয়ে সোমবাৰে এটা অনলাইন পৰ্টেল আৰম্ভ কৰিছে। গ্ৰাহকে বেংকৰ প’ৰ্টেল https://bank.sbi/ বা https://sbi.co.inৰ জৰিয়তে ঘৰত বহিয়ে জানিব পাৰিব পাৰিব যে তেওঁলোকৰ হোম লোন বা অট’ লোন ৰিষ্ট্ৰাকচাৰ হ’ব নে নাই।

ৰিষ্ট্ৰাকচাৰিঙৰ যোগ্যতা জানিবলৈ দিব লাগিব উপাৰ্জনৰ তথ্য। এছবিআইয়ে জনোৱা মতে, এই প’ৰ্টেলৰ জৰিয়তে হোম লোন, অট’ লোনৰ দৰে ৰিটেইল লোনৰ ৰিষ্ট্ৰাকচাৰিং সহজে কৰিব পৰা যাব। গ্ৰাহকে নিজৰ লোন ৰিষ্ট্ৰাকচাৰৰ তথ্য জানিবলৈ কেৱল নিজৰ উপাৰ্জনৰ তথ্য প্ৰদান কৰিব লাগিব। উল্লেখ্য যে, আৰবিআইৰ লোন ৰিষ্ট্ৰাকচাৰিঙৰ ফ্ৰেমৱৰ্কৰ অধীনত সেইসকল ঋণগ্ৰস্তহে লোন ৰিষ্ট্ৰাকচাৰিঙৰ যোগ্য যিসকলৰ লোন একাউণ্ট ষ্টেণ্ডাৰ্ড শ্ৰেণীৰ অধীনস্থ। ইয়াত সেইসকল গ্ৰাহক আহিব যিসকলে লোন পেমেণ্ট ১মাৰ্চ ২০২০লৈকে ৩০দিন বা তাতোকৈ অধিক ডিফল্ট কৰা নাই। লগতে সেইসকল ঋণগ্ৰস্ত যিসকলৰ উপাৰ্জনত কোৰোণা সংকটৰ প্ৰভাৱ পৰিছে।

ষ্টেট বেংকৰ এই প’ৰ্টেলৰ জৰিয়তে গ্ৰাহকে লোনৰ মৰটেৰিয়ামৰ (Moratorium) কাৰণেও অনুৰোধ কৰিব পাৰে। ইয়াৰ অধীনত এমাহৰ পৰা ২৪মাহলৈকে মৰটেৰিয়ামৰ ৰিকুৱেষ্ট কৰিব পৰা যাব। কেৱল ইমানেই নহয় গ্ৰাহকে এই প’ৰ্টেলৰ জৰিয়তে নিজৰ লোন ৰিপেমেণ্টৰ অৱধি (Loan Repayment Duration) বঢ়াবলৈ অনুৰোধ কৰিব পাৰে। আৰবিআইয়ে বেংকক নিজৰ ব্যক্তিগত গ্ৰাহকক লোন ৰিষ্ট্ৰাকচাৰিৰ বিকল্প প্ৰদানৰ অনুমতি প্ৰদান কৰিছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (FM Nirmala Sitharaman) বেংকক ১৫ ছেপ্তেম্বৰ, ২০২০লৈকে লোন ৰিষ্ট্ৰাকচাৰিঙৰ আঁচনি আৰম্ভ কৰিবলৈ কৈছিল।

এনেকুৱাকৈ প’ৰ্টেলৰ জৰিয়তে নিজৰ লোন ৰিষ্ট্ৰাকচাৰিং কৰিব পাৰেঃ

>> প’ৰ্টেলত লগ ইন কৰাৰ পিছত এছবিআইৰ ৰিটেইল গ্ৰাহকক একাউণ্ট নম্বৰ দিবলৈ কোৱা হ’ব।

>> অটিপি ভেলিডেশ্যন সম্পূৰ্ণ হোৱাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি গ্ৰাহকে নিজৰ লোন ৰিষ্ট্ৰাকচাৰিঙৰ পাত্ৰতাৰ বিষয়ে জানিব পাৰিব। ইয়াত তেওঁলোকে এক এটা ৰেফাৰেন্স নম্বৰ লাভ কৰিব।

>> ৰেফাৰেন্স নম্বৰ ৩০দিনলৈকে মান্য হ’ব। এই সময়চোৱাত গ্ৰাহকে প্ৰয়োজনীয় আনুষ্ঠানিকতা পূৰণ কৰি বেংকৰ শাখালৈ যাব পাৰে।

>> লোন ৰিষ্ট্ৰাকচাৰিঙৰ প্ৰক্ৰিয়া ডকুমেণ্টছৰ ভেৰিফিকেশ্যন আৰু ব্ৰান্সত ডকুমেণ্টৰ এগজিকিউশ্যনৰ পিছত সম্পূৰ্ণ হ’ব।
First published: September 22, 2020, 11:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading