সাৱধান! ৪২ কোটি গ্ৰাহকক সতৰ্ক কৰি দিলে SBI–এ, ভুলতো নকৰিব এই কাম

News18 Assam | News18-Assam
Updated:November 10, 2020, 1:40 PM IST
সাৱধান! ৪২ কোটি গ্ৰাহকক সতৰ্ক কৰি দিলে SBI–এ, ভুলতো নকৰিব এই কাম
ভুলতো ফেক মেছেজত ক্লিক নকৰিব বা নিজৰ বেংকৰ সবিশেষ শ্বেয়াৰ নকৰিব। তেনে কৰিলে খালী হ’ব পাৰে আপোনাৰ একাউণ্ট।

ভুলতো ফেক মেছেজত ক্লিক নকৰিব বা নিজৰ বেংকৰ সবিশেষ শ্বেয়াৰ নকৰিব। তেনে কৰিলে খালী হ’ব পাৰে আপোনাৰ একাউণ্ট।

  • Share this:
ভাৰতীয় ষ্টেট বেংকত যদি আপোনাৰ একাউণ্ট আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। বেংকৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে গ্ৰাহকসকলে যেন ছচিয়েল মিডিয়াত কোনো ধৰণৰ ফেক মেছেজৰ কবলত নপৰে। প্ৰৱঞ্চক চক্ৰৰ পৰা সাৱধান হ’বলৈ সতৰ্ক কৰি দিছে বেংকে। প্ৰতাৰকসকলে ছচিয়েল মিডিয়াত ফেক মেছেজ প্ৰেৰণ কৰে গ্ৰাহকক জালত পেলাবলৈ। বেংকৰ ফালৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে তেওঁলোকে এনে কোনো মেছেজ নপঠায়।

বেংকৰ ফালৰ পৰা টুইট কৰি গ্ৰাহকসকলক সাৱধান কৰি দিয়া হৈছে। ষ্টেট বেংক অব ইণ্ডিয়াৰ ফালৰ পৰা অনুৰোধ কৰা হৈছে গ্ৰাহকসকলক ছচিয়েল মিডিয়াত সতৰ্ক থাকিবলৈ। ভুলতো ফেক মেছেজত ক্লিক নকৰিব বা নিজৰ বেংকৰ সবিশেষ শ্বেয়াৰ নকৰিব। তেনে কৰিলে খালী হ’ব পাৰে আপোনাৰ একাউণ্ট। ভুলতো কেতিয়াও এটিএম পিন, কাৰ্ড নম্বৰ, একাউণ্ট নম্বৰ আৰু অ’টিপি শ্বেয়াৰ নকৰিব কাৰো আগত।

ইয়াৰ পূৰ্বেও ষ্টেট বেংকৰ নামত চলা ভুৱা ৱেবছাইটক লৈ গ্ৰাহকসকলক সতৰ্ক কৰা হৈছিল। বেংকৰ ফালৰ পৰা গ্ৰাহকসকলক এনেধৰণৰ মেছেজ এৰি চলাৰ পৰামৰ্শ দিয়া হৈছে। গ্ৰাহকসকলৰ টকা সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে এছবিআইৰ ফালৰ পৰা সময়ে সময়ে সতৰ্কতা জাৰি কৰা হয়।

বেলেঞ্চৰ বিষয়ে জনাৰ বাবে বেংকত থকা ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা টোল ফ্ৰী নম্বৰ 9223766666ত মিছ কল দিব লাগিব। আনহাতে 'BAL' লিখি 09223766666 নম্বৰত এছএমএছ প্ৰেৰণ কৰিও জানিব পাৰিব বেলেঞ্চ।
Published by: Sanjay Kumar Das
First published: November 10, 2020, 1:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading