• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ভাৰতীয় ষ্টেট বেংকত আছে নেকি আপোনাৰ একাউণ্ট? এইসকল গ্ৰাহকলৈ আগবঢ়াইছে আকৰ্ষণীয় সুবিধা

ভাৰতীয় ষ্টেট বেংকত আছে নেকি আপোনাৰ একাউণ্ট? এইসকল গ্ৰাহকলৈ আগবঢ়াইছে আকৰ্ষণীয় সুবিধা

১০ বছৰৰ ওপৰৰ সকলো ভাৰতীয়ই খুলিব পাৰিব জনধন একাউণ্ট

১০ বছৰৰ ওপৰৰ সকলো ভাৰতীয়ই খুলিব পাৰিব জনধন একাউণ্ট

১০ বছৰৰ ওপৰৰ সকলো ভাৰতীয়ই খুলিব পাৰিব জনধন একাউণ্ট

  • Share this:
ভাৰতীয় ষ্টেট বেংকত আপোনাৰ আছে নেকি জন ধন একাউণ্ট? দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকে আগবঢ়াইছে কেইবাটাও সুবিধা।

এছ বি আইয়ে ঘোষণা কৰা মতে, যদিহে জন ধন একাউন্টৰগৰাকীয়ে  এছ বি আই ৰুপে' জন ধন কাৰ্ড (SBI RuPay Jan Dham Card)ৰ বাবে আবেদন কৰে, তেন্তে তেওঁ লাভ কৰিব ২ লাখ টকা পৰ্যন্ত আপদকালীন বীমা।

উল্লেখ্য যে,  প্ৰধানমন্ত্ৰী জন-ধন যোজনাৰ অধীনত খোলা বেংক একাউণ্টসমূহলৈ এই সুবিধা আগবঢ়াইছে এছ বি আই কৰ্তৃপক্ষই। আনকি  ভাৰতীয় ষ্টেট বেংকে  জন ধন যোজনা অভিযানৰ অধীনস্থ গ্ৰাহকক মাহিলী গড় বেলেন্স বজাই ৰখাৰ পৰাও ৰেহাই প্ৰদান কৰিছিল।

এই জন ধন একাউণ্ট কোনে কোনে খুলিব পাৰে?

  • ১০ বছৰ বা তাতকৈ অধিক বয়সৰ ভাৰতীয় নাগৰিকে খুলিব পাৰিব এই একাউণ্ট।


জন ধন একাউণ্টৰ ভিন্ন লাভালাভসমূহ -

  • চৰকাৰী আঁচনিৰ সুবিধা পোনপটীয়াকৈ এই একাউণ্টলৈ আহে।

  •  এই একাউণ্টৰ সৈতে বিনামূলীয়া ম'বাইল বেংকিং সুবিধা প্ৰদান কৰা হয়।

  • জন ধন একাউণ্ট খোলাৰ ৬ মাহ পিছত কিছু অন্যান্য  সুবিধাও লাভ কৰে।

  • ২ লাখ টকা পৰ্যন্ত আপদকালীন বীমা প্ৰদান কৰা হয়।

  • ৩০ হাজাৰ টকালৈকে জীৱন সুৰক্ষা।

  • একাউণ্টৰগৰাকীক একোখনকৈ ৰুপে' ডেবিট কাৰ্ড দিয়া হয় যাৰ জৰিয়তে তেওঁ একাউণ্টৰ পৰা টকা উলিয়াব পাৰে বা কোনো বস্তু ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰে।

  • জমাধনৰ ওপৰত সুত লাভ কৰে।

  • সমগ্ৰ দেশতে ধন স্থানান্তৰৰ সুবিধাও লাভ কৰে।

  •  এই একাউণ্টৰ জৰিয়তে বীমা, পেঞ্চন সামগ্ৰী ক্ৰয় কৰা অতি সহজ।


এই একাউন্ট খুলিবলৈ প্ৰয়োজনীয়  নথিসমূহ -

  •  আধাৰ কাৰ্ড।

  •  পাছপোৰ্ট।

  • ড্ৰাইভিং লাইচেঞ্চ।

  •  কে ৱাই চি (KYC) পূৰণৰ বাবে প্ৰয়োজনীয় নথিসমূহ।


কেন্দ্ৰই উল্লখে কৰা তথ্য অনুসৰি দেশত ইতিমধ্যে, প্ৰধানমন্ত্ৰী জন ধন যোজনা (PMJDY)ৰ অধীনত মুঠ ৪১.৭৫ কোটি একাউণ্ট খোলা হৈছে আৰু ইয়াৰ ভিতৰত ৩৫.৯৬ কোটি একাউণ্ট কাৰ্যকৰী হৈ আছে |
Published by:Himangshu Bhuyan
First published: