মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »SBIৰ গ্ৰাহকে মন দিয়ক! সলনি হৈছে Zero Balanceৰ একাউণ্টৰ নিয়ম

SBIৰ গ্ৰাহকে মন দিয়ক! সলনি হৈছে Zero Balanceৰ একাউণ্টৰ নিয়ম

জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়মসমূহ।

জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়মসমূহ।

জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়মসমূহ।

  • Share this:
    ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকৰ সুবিধাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। বেংকে আপোনাক জিৰ’ বেলেঞ্চত একাউণ্ট খোলাৰ সুবিধাও প্ৰদান কৰিছে। এই একাউণ্টত গ্ৰাহকে এতিয়া কেইবাটাও সেৱা বিনামূলীয়াকৈ লাভ কৰিব। উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে জিৰ’ বেলেঞ্চ একাউণ্টক লৈ সালসলনি ঘটাইছে কেতবোৰ নিয়ম। জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়মসমূহ।

    আহক জানো কেনেকৈ খুলিব পাৰি জিৰ’ বেলেঞ্চ একাউণ্ট
    ১. জিৰ’ বেলেঞ্চ একাউণ্ট – এই ধৰণৰ একাউণ্টক BSBD একাউণ্ট বোলা হয়। SBIৰ BSBD একাউণ্টো আন একাউণ্টৰ দৰেই সহজে খুলিব পাৰি। এই একাউণ্ট ব্যক্তিগত বা যৌথভাৱে খুলিব পাৰি আৰু SBIৰ দেশৰ সকলো শাখাতে এই সুবিধা আছে।

    ২. SBIত আৰু কেইবাধৰণৰ জিৰ’ বেলেঞ্চ একাউণ্ট খোলাৰ সুবিধা আছে, য’ত ন্যূনতম ধনৰাশি জমা ৰখাৰ প্ৰয়োজন নাই। যেনে ফাইনেঞ্চিয়েল ইনক্লুছন একাউণ্ট, বেছিক ছেভিং বেংক ডিপ’জিট একাউণ্ট, স্মল একাউণ্ট, প্ৰথম খোজ, প্ৰাইমাৰী একাউণ্ট হ’ল্ডাৰ, পেঞ্চনাৰ একাউণ্ট, ছেলাৰী একাউণ্ট আদি।

    ৩. এতিয়া বিনামূলীয়াকৈ পাব এইসমূহ সুবিধা – SBIৰ ফালৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এতিয়া জিৰ’ বেলেঞ্চ একাউণ্টত কেইবাটাও সুবিধা বিনামূলীয়াকৈ লাভ কৰিব। অৰ্থাৎ KYC চৰ্তসমূহ পূৰ্ণ কৰা যিকোনো গ্ৰাহকে জিৰ’ বেলেঞ্চ একাউণ্ট খুলিব পাৰে। লগতে এতিয়া গ্ৰাহকে বিনামূলীয়াকৈ লাভ কৰিব ATM কাৰ্ড। ইয়াৰ উপৰি বিনামূলীয়া ইণ্টাৰনেট বেংকিং সেৱা, ATMৰ পৰা মাহিলী চাৰিবাৰ বিনামূলীয়াকৈ ধন উলিওৱাৰ সুবিধা লাভ কৰিব।

    ৪. এই একাউণ্টৰ বাবে ৰাখিব নালাগে কোনো ন্যূনতম বেলেঞ্চ।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি