SBI ৰ বিশেষ সুবিধা! প্ৰয়োজনত বেংক একাউণ্টত থকাতকৈ উলিয়াব পাৰিব অধিক টকা

News18 Assam | News18-Assam
Updated:August 18, 2020, 10:26 AM IST
SBI ৰ বিশেষ সুবিধা! প্ৰয়োজনত বেংক একাউণ্টত থকাতকৈ উলিয়াব পাৰিব অধিক টকা
ষ্টেট বেংক অৱ ইণ্ডিয়াই (SBI) নিজৰ গ্ৰাহকসকলক এক বিশেষ সুবিধা প্ৰদান কৰে যাৰ জৰিয়তে আপুনি নিজৰ বেংক একাউণ্টত (Bank Account) থকা সকলো বেলেন্স উলিয়াব পাৰে। আহক জানো এই অভাৰড্ৰাফট ফেচিলিটি কি হয় আৰু কেনেকৈ ইয়াৰ সুবিধা ল’ব পাৰিব। 

ষ্টেট বেংক অৱ ইণ্ডিয়াই (SBI) নিজৰ গ্ৰাহকসকলক এক বিশেষ সুবিধা প্ৰদান কৰে যাৰ জৰিয়তে আপুনি নিজৰ বেংক একাউণ্টত (Bank Account) থকা সকলো বেলেন্স উলিয়াব পাৰে। আহক জানো এই অভাৰড্ৰাফট ফেচিলিটি কি হয় আৰু কেনেকৈ ইয়াৰ সুবিধা ল’ব পাৰিব। 

  • Share this:
নতুন দিল্লীঃ ষ্টেট বেংক অৱ ইণ্ডিয়াই (SBI) নিজৰ গ্ৰাহকসকলক এক বিশেষ সুবিধা প্ৰদান কৰে যাৰ জৰিয়তে আপুনি নিজৰ বেংক একাউণ্টৰ পৰা (Bank Account) তাত থকা সকলো বেলেন্স উলিয়াব পাৰে। বেংকৰ এই সুবিধাক অভাৰড্ৰাফট ফেচিলিটি (Overdraft Facility) বুলি জনা হয়। আহক জানো, এই অভাৰড্ৰাফট ফেচিলিটী কি হয় আৰু ইয়াৰ সুবিধা আপুনি কেনেকৈ ল’ব পাৰে।

কি হয় অভাৰড্ৰাফট ফেচিলিটী?

অভাৰড্ৰাফট এক ধৰণৰ লোন হয়। ইয়াৰ জৰিয়তে কাষ্টমাৰ্চে নিজৰ বেংক একাউণ্টত থকা বেলেন্সতকৈ অধিক ধন উইথড্ৰয়েল কৰিব পাৰে। এই অতিৰিক্ত ধন এটা নিশ্চিত সময়ৰ ভিতৰত ঘুৰাই দিব লাগে। ইয়াৰ ওপৰত সুত দিবও লাগে। এই সুত দৈনিক ভিত্তিত গণনা কৰা হয়। অভাৰড্ৰাফট ফেচিলিটী যিকোনো বেংক বা নন বেংকিং ফাইনেনশ্যিয়েল কোম্পানীয়ে (NBFC) দিব পাৰে। আপুনি পাবলগীয়া অভাৰড্ৰাফটৰ সীমা কি হ’ব, এয়া NBFCs–এ নিৰ্ধাৰণ কৰে।

বেংকে নিজৰ একাংশ গ্ৰাহকক প্ৰী–এপ্ৰুভড অভাৰড্ৰাফট ফেচিলিটী প্ৰদান কৰে। সেইদৰে একাংশ কাষ্টমাৰ্চে ইয়াৰ কাৰণে মঞ্জুৰি ল’ব লাগে। ইয়াৰ কাৰণে লিখিত বা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে এপ্লাই কৰিব লাগে। একাংশ বেংকে এই সুবিধাৰ কাৰণে প্ৰচেচিং ফীজো গ্ৰহণ কৰে। অভাৰড্ৰাফট দুই ধৰণৰ। এটা ছিকিউৰড আৰু দ্বিতীয়টো আন ছিকিউৰড। ছিকিউৰড অভাৰড্ৰাফটত ছিকিউৰিটীৰ কাৰণে কিবা বন্ধকত থব লগীয়া হয়।

আপুনি এফ ডি, শ্বেয়াৰ্ছ, ঘৰ, দৰমহা, ইন্সুৰেন্স পলিচী, বণ্ডচ আদি সামগ্ৰীৰ ওপৰত অভাৰড্ৰাফট ল’ব পাৰে। এনেকুৱা কৰিলে এই সামগ্ৰীসমূহ এক প্ৰকাৰে বেংক বা NBFCsৰ ওচৰত বন্ধকত থাকে। আনহাতে আপোনাৰ ওচৰত বন্ধক থবলৈ একো নাথাকিলেও আপুনি অভাৰড্ৰাফট ফেচিলিটী গ্ৰহণ কৰিব পাৰে। ইয়াক আন ছিকিউৰড অভাৰড্ৰাফট ফেচলিটী কয়। উদাহৰণস্বৰূপে, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰা উইথড্ৰয়েল।

আপুনি নিৰ্ধাৰিত অৱধিৰ ভিতৰত কোনোবা এটা সময়ত এই ধন আদায় দিব পাৰে। ইয়াত সময়ে সময়ে ই এম আই দিয়াৰ বাধ্যবাধকতা নাই।
First published: August 18, 2020, 10:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading