SBI-এ ৪৪কোটি গ্ৰাহকক কৰিলে সাৱধান! নিজৰ জমা টকা সুৰক্ষিত কৰিবলৈ লওক এই ব্যৱস্থা

News18 Assam | News18-Assam
Updated:May 11, 2020, 6:54 PM IST
SBI-এ ৪৪কোটি গ্ৰাহকক কৰিলে সাৱধান! নিজৰ জমা টকা সুৰক্ষিত কৰিবলৈ লওক এই ব্যৱস্থা
SBI–এ নিজৰ টুইটত এটিএম প্ৰৱঞ্চকৰ পৰা গ্ৰাহকসকলক সুৰক্ষিত কৰিবলৈ দিছে এক চেফটী মন্ত্ৰ। বেংকে কৈছে যে, নিজৰ টকা সুৰক্ষিত ৰাখিবলৈ এই সহজ স্মাৰ্ট টিপচৰ অভ্যাস কৰক। 

SBI–এ নিজৰ টুইটত এটিএম প্ৰৱঞ্চকৰ পৰা গ্ৰাহকসকলক সুৰক্ষিত কৰিবলৈ দিছে এক চেফটী মন্ত্ৰ। বেংকে কৈছে যে, নিজৰ টকা সুৰক্ষিত ৰাখিবলৈ এই সহজ স্মাৰ্ট টিপচৰ অভ্যাস কৰক। 

  • Share this:
নতুন দিল্লীঃ লকডাউনৰ সময়ত প্ৰৱঞ্চকৰ কাণ্ড বৃদ্ধি পোৱাৰ কাৰণে ভাৰতীয় ষ্টেট বেংকে নিজৰ ৪৪কোটিৰো অধিক গ্ৰাহকক নিজৰ টকা সুৰক্ষিত ৰাখিবলৈ দিছে বিশেষ টিপছ। এছবিআইয়ে টুইটাৰত দিছে প্ৰয়োজনীয় সাৱধানতাৰ সবিশেষ। SBI–এ নিজৰ টুইটত এটিএম প্ৰৱঞ্চকৰ পৰা সাৰিবলৈ ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে কৈ কৈছে যে, এই সহজ আৰু স্মাৰ্ট টিপছৰ দ্বাৰা নিজৰ টকা সুৰক্ষিত ৰাখিব পাৰিব।

উল্লেখযোগ্য যে, কোৰোণা ভাইৰাছৰ কাৰণে দেশত লকডাউন চলি থকাৰ সময়ত বেংকত যথেষ্ট পৰিমাণৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এই কাৰণে বেংকে একাউণ্ট হল্ডাৰসকলক দিছে সময়ে সময়ে ল’বলগীয়া সাৱধানতাৰ সবিশেষ যাতে টকাসমূহ সুৰক্ষিত হৈ থাকে।

লওক এইসমূহ চেফটি টিপছ–

(1) SBI–এ নিজৰ টুইটত কৈছে যে ATM/POS মেচিনত পিন এণ্টাৰ কৰাৰ সময়ত Keypad ঢাকি লওক।

(2) ATM পিন মনত ৰাখিবলৈ লওক আৰু এটিএম কাৰ্ড বা আন ক’তো লিখি নাৰাখিব।

(3) কাৰোবাৰ জন্মদিন বা বিশেষ দিনক পিন হিচাপে নাৰাখিব।

(4) এছএমএছ (SMS) নটিফিকেশ্যনৰ কাৰণে বিকল্প বাচনি কৰক আৰু ব্যৱহাৰ হোৱাৰ পিছত এটিএমৰ ৰিচিপ্ত ফালি পেলাওক।

(5) এটিএম মেচিনৰ ব্যৱহাৰ কৰাৰ পূৰ্বে সুনিশ্চিত কৰক যে তাত কোনো অপৰাধীয়ে চোৰাং কেমেৰা নাই বহুৱাই ৰখাতো!

(6) SBIৰ মিছড কল বেংকিঙৰ বিকল্প বাচনি কৰক আৰু যেতিয়া প্ৰয়োজন হয় তেতিয়াহে লেন–দেনৰ বিৱৰণ গ্ৰহণ কৰক।

(7) কোনো মানুহকে নিজৰ অটিপি (OTP), ডেবিট কাৰ্ড (Debit Card) পিন আৰু অন্যান্য তথ্য প্ৰদান নকৰিব।

(8)  আপোনাৰ এটিএমৰ পিন বা কোনোধৰণৰ গোপনীয় তথ্য বিচৰা কাকো কোনোধৰণৰ এছএমএছ, ইমেইল বা কলৰ উত্তৰ নিদিব।

(9) এবাৰত এজনতকৈ অধিক ব্যক্তিক এটিএম কিয়স্কৰ ভিতৰত প্ৰৱেশৰ অনুমতি নাই।

(10) আপোনাৰ কান্ধৰ ওপৰেৰে পিছফালৰ পৰা কোনোবাই পিন চুৰি কৰিবলৈ নিদিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading