মাজত মাথো ২৪ দিন, বন্ধ হৈ যাব আপোনাৰ SBI কাৰ্ড যদি নকৰে এই কাম!

News18 Assam | News18-Assam
Updated:December 6, 2019, 10:17 PM IST
মাজত মাথো ২৪ দিন, বন্ধ হৈ যাব আপোনাৰ SBI কাৰ্ড যদি নকৰে এই কাম!
ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই গ্ৰাহক সকলৰ বাবে জাৰি কৰিছে বিশেষ জাননী

ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই গ্ৰাহক সকলৰ বাবে জাৰি কৰিছে বিশেষ জাননী

  • Share this:
মাজত মাথো ২৪ দিন। ৩১ ডিচেম্বৰৰ পৰা কাম নকৰিব আপুনি ব্যৱহাৰ কৰি থকা ভাৰতীয় ষ্টেট বেংকৰ ATM কাৰ্ড। ইতিমধ্যে টুইটাৰ যোগে ভাৰতীয় ষ্টেট বেংকে জনাইছে এই কথা। গ্ৰাহকসকলে এই কাম অহা ৩১ ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব কিয়নো তেওঁলোকে নতুন বছৰত আৰু পুৰণি এটিএম-ডেবিট কাৰ্ডেৰে পইচা উলিয়াব নোৱাৰিব।

যিসকল ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকে এতিয়াও পুৰণি মেগ্নেটিকৰ ATM আৰু ডেবিট কাৰ্ড ব্যৱহাৰকৰী আছে অহা ৩১ ডিচেম্বৰৰ আগত সলনি নকৰিলে কাম নকৰা হৈ পৰিব। পুৰণি মেগ্নেটিকৰ ATM আৰু ডেবিট কাৰ্ড ব্যৱহাৰকৰী সকলে অহা ২৫ দিনৰ ভিতৰত নতুন কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন। ইয়াৰ পৰিৱৰ্তে গ্ৰাহকে EMV চিপ থকা ডেবিট কাৰ্ড ল’ব লাগিব।

আৰু চাওক
পৰৱৰ্তী বাতৰি