• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Sawan Purnima 2022: আজি শাওনৰ পূৰ্ণিমাত কৰক এই কাম, সুখ–সমৃদ্ধিৰে উপচি পৰিব আপোনাৰ জীৱন

Sawan Purnima 2022: আজি শাওনৰ পূৰ্ণিমাত কৰক এই কাম, সুখ–সমৃদ্ধিৰে উপচি পৰিব আপোনাৰ জীৱন

এই দিনটোত পৱিত্ৰ নদীত স্নান কৰি দান কাৰ্য কৰা খুব ভাল বুলি কোৱা হয়। এই দিনটোত পূৰ্বপুৰুষলৈ প্ৰসাদ আগবঢ়ালে আশীৰ্বাদ প্ৰাপ্ত হয়।

এই দিনটোত পৱিত্ৰ নদীত স্নান কৰি দান কাৰ্য কৰা খুব ভাল বুলি কোৱা হয়। এই দিনটোত পূৰ্বপুৰুষলৈ প্ৰসাদ আগবঢ়ালে আশীৰ্বাদ প্ৰাপ্ত হয়।

এই দিনটোত পৱিত্ৰ নদীত স্নান কৰি দান কাৰ্য কৰা খুব ভাল বুলি কোৱা হয়। এই দিনটোত পূৰ্বপুৰুষলৈ প্ৰসাদ আগবঢ়ালে আশীৰ্বাদ প্ৰাপ্ত হয়।

  • Share this:
শাওন মাহৰ পূৰ্ণিমা অৰ্থাৎ শাওন পূৰ্ণিমা (Sawan Purnima) ১১ আগষ্ট ২০২২ৰ ১০ বাজি ৩৮ মিনিটৰ পৰা আৰম্ভ হৈ ১২ আগষ্ট ২০২২ৰ পুৱা ৭.০৫ বজালৈ থাকিব। শিৱ ভক্তসকলৰ বাবে এই দিনটো খুব গুৰুত্বপূৰ্ণ। এই দিনটোত পৱিত্ৰ নদীত স্নান কৰি দান কাৰ্য কৰা খুব ভাল বুলি কোৱা হয়। এই দিনটোত পূৰ্বপুৰুষলৈ প্ৰসাদ আগবঢ়ালে আশীৰ্বাদ প্ৰাপ্ত হয়। কোৱা হয় যে এই দিনটোত ভগৱান শিৱৰ সৈতে লক্ষ্মী নাৰায়ণৰ পূজা কৰিলে পৰিয়াললৈ সুখ–সমৃদ্ধি আহে। এই দিনটোত দেৱী লক্ষ্মীৰ সৈতে ভগৱান বিষ্ণুৰ পূজা কৰাটো আটাইতকৈ উত্তম বুলি মানি অহা হৈছে। আহক জানো পণ্ডিত ইন্দ্ৰমণি ঘনশ্যালৰ পৰা শাওনৰ পূৰ্ণিমা তিথিৰ মহত্ব আৰু ইয়াৰ ধাৰ্মিক বিধান।

ভগৱান নাৰায়ণৰ পূজাৰ মহত্ব
পৰিয়ালত সুখ–সমৃদ্ধি বৃদ্ধিৰ বাবে ভগৱান শিৱ, মাতৃ লক্ষ্মীৰ সৈতে ভগৱান নাৰায়ণৰ পূজাৰ বিশেষ মহত্ব আছে। শাওন মাহত মহাদেৱৰ সৈতে লক্ষ্মী নাৰায়ণৰ পূজাৰ কৰিলে পূণ্য লাভ হয় আৰু ধন বৃদ্ধি হয়। দেৱী লক্ষ্মীৰ কৃপা লাভ কৰিবৰ বাবে শাওনৰ পূৰ্ণিমাত দেৱী লক্ষ্মীক ১১টা হালদীয়া কড়ী অৰ্পণ কৰক। ইয়াৰ পিছদিনা এই আটাইকেইটা কড়ী ৰঙা কাপোৰত বান্ধি বাকচত ৰাখি দিয়ক। কোৱা হয় এই উপায় অৱলম্বন কৰিলে পৰিয়ালৰ আৰ্থিক অনাটন দূৰ হয়। সুখ–সমৃদ্ধি বৃদ্ধি পোৱাৰ লগতে ঘৰত লক্ষ্মী দেৱীৰ বাস হয়।

শাওন পূৰ্ণিমাত কৰক চন্দ্ৰ দেৱতাৰ পূজা
শাওন পূৰ্ণিমাত চন্দ্ৰ দেৱতাক পূজা কৰিলে বৰদান লাভ কৰিব পাৰি। জ্যোতিষীৰ মতে, কোনো ব্যক্তিৰ কুণ্ডলীত চন্দ্ৰ দোষ থাকিলে এই উপায়েৰে দোষমুক্ত হ’ব পাৰে। ইয়াৰ বাবে শাওনৰ পূৰ্ণিমাত চন্দ্ৰ দেৱতাক গাখীৰ আৰু গংগাজলেৰে অৰ্ঘ্য দিয়া শুভ বুলি কোৱা হয়।
Published by:Sanjay Kumar Das
First published: