৩০ ছেপ্টেম্বৰত আপোনাৰ পেন কাৰ্ড অচল হ’ব পাৰে, তাৰ আগতে কৰি লওক এইখিনি কাম

ভাৰতৰ আয়কৰ বিভাগে এবাৰ অচল বুলি ঘোষণা কৰাৰ পিছত এই পেন কাৰ্ডসমূহ পুনৰ আৰু আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশনা। 

News18-Assam
Updated:July 11, 2019, 11:36 AM IST
৩০ ছেপ্টেম্বৰত আপোনাৰ পেন কাৰ্ড অচল হ’ব পাৰে, তাৰ আগতে কৰি লওক এইখিনি কাম
ভাৰতৰ আয়কৰ বিভাগে এবাৰ অচল বুলি ঘোষণা কৰাৰ পিছত এই পেন কাৰ্ডসমূহ পুনৰ আৰু আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশনা। 
News18-Assam
Updated: July 11, 2019, 11:36 AM IST
আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰা পেন (Permanent Account Number) কাৰ্ড ৩০ ছেপ্টেম্বৰৰ পৰা হ’ব পাৰে অচল। ভাৰতৰ আয়কৰ বিভাগে এবাৰ অচল বুলি ঘোষণা কৰাৰ পিছত এই পেন কাৰ্ডসমূহ পুনৰ আৰু আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশনা।

আপোনাৰ যদি আধাৰ আৰু পেন কাৰ্ড আছে আৰু যদি আপুনি দুয়োটাকে সংযোগ কৰিছে তেন্তে চিন্তাৰ কাৰণ নাই। কিন্তু যিসকলে কৰা নাই সেইসকলে ৩০ ছেপ্তেম্বৰৰ পূৰ্বে কৰিব লাগিব এই কাম। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (Central Board of Direct Taxes)ৰ বিষয়াই জনাইছে যে ভাৰতত বৰ্তমান পেন কাৰ্ড থকা ২০ কোটি লোকৰ আধাৰ কাৰ্ড নথকাটো সম্ভৱ নহয়।

ভাৰতত এতিয়ালৈকে প্ৰায় ২০ কোটি লোকৰ পেন কাৰ্ড, আধাৰ কাৰ্ডৰ সৈতে সংযোগ হোৱা নাই।  সমগ্ৰ দেশত মুঠ পেন কাৰ্ড আছে ৪৩ কোটি আৰু ইয়াৰ বিপৰীতে আধাৰ কাৰ্ড আছে ১২১ কোটি।

ঋণ আৰু ক্ৰেডিট কাৰ্ড লোৱাৰ বাবে পেন কাৰ্ডৰ অবৈধ ব্যৱহাৰ হৈ থকা বুলি পোৱা প্ৰতিবেদনৰ ফলতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বেংক একাউণ্ট, কৰ পৰিশোধ আদিৰ লগতে পৰিচয় পত্ৰ হিচাপেও পেন কাৰ্ডৰ ব্যৱহাৰ হৈ আহিছে। এইদৰে কৰক লিংক–

আৰু চাওক পৰৱৰ্তী বাতৰি