মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»অষ্টমৰ পৰা স্নাতক উত্তীৰ্ণৰ বাবে এইসমূহ বিভাগত খালী হৈছে পদ, শীঘ্ৰে কৰক আবেদন

অষ্টমৰ পৰা স্নাতক উত্তীৰ্ণৰ বাবে এইসমূহ বিভাগত খালী হৈছে পদ, শীঘ্ৰে কৰক আবেদন

News18 Assam | News18-Assam
Updated:May 21, 2021, 11:00 AM IST
অষ্টমৰ পৰা স্নাতক উত্তীৰ্ণৰ বাবে এইসমূহ বিভাগত খালী হৈছে পদ, শীঘ্ৰে কৰক আবেদন
শিক্ষা বিভাগৰ পৰা ভাৰতীয় ৰেল, আৰক্ষী, অংগনৱাড়ী আৰু ভাৰতীয় সেনালৈকে এই পদসমূহ মুকলি কৰা হৈছে।

শিক্ষা বিভাগৰ পৰা ভাৰতীয় ৰেল, আৰক্ষী, অংগনৱাড়ী আৰু ভাৰতীয় সেনালৈকে এই পদসমূহ মুকলি কৰা হৈছে।

  • Share this:
অষ্টম উত্তীৰ্ণৰ পৰা স্নাতকলৈকে, দেশৰ বিভিন্ন চৰকাৰী বিভাগত ভালে সংখ্যক খালী পদ মুকলি হৈছে। এই পদবোৰত নিৰ্বাচিত হৈ আপুনি লাখতকৈ অধিক টকা দৰমহাৰ লগতে বিভিন্ন চৰকাৰী সুবিধা লাভ কৰিব পাৰে। শিক্ষা বিভাগৰ পৰা ভাৰতীয় ৰে’ল, আৰক্ষী, অংগনৱাড়ী আৰু ভাৰতীয় সেনালৈকে এই পদসমূহ মুকলি হৈ আছে। এনে কিছুমান পদ আছে য'ত অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰে, আনহাতে আন কিছুমানৰ বাবে স্নাতক ডিগ্ৰীৰ প্ৰয়োজন।

ভাৰতীয় ৰে’লত ৩৫০০ৰো অধিক খালী পদ

পশ্চিম ৰে’লৱেই এপ্ৰেণ্টিছ পদৰ বাবে আৱেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি আবেদন কৰিব পাৰে। উল্লেখযোগ্য যে এই প্ৰক্ৰিয়াৰ জৰিয়তে পশ্চিম ৰে'লৱেই মুঠ ৩৫৯১টা পদ পূৰণ কৰিব। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া ২৫ মে’, ২০২১ৰ পৰা আৰম্ভ হ'ব। এই পদসমূহত যোগ্য প্ৰাৰ্থীৰ বাছনি যোগ্যতাৰ ওপৰত হ'ব।

দিল্লীৰ শিক্ষকসহ ৭২৩৬টা পদ মুকলি

দিল্লী অধীনস্থ সেৱা বাছনি বোৰ্ডে (DSSSB) ৭২৩৬ টা ট্ৰেণ্ড গ্ৰেজুৱেট শিক্ষক (TGT), সহকাৰী শিক্ষক, এলডিচি, পাটোৱাৰী, মুখ্য কেৰাণী নিযুক্তিৰ বাবে জাননী জাৰি কৰিছে। ইয়াৰ ভিতৰত, ৬৩৫৮ টা খালী পদ TGTৰ, ৫৫৪ টা খালী পদ প্ৰাথমিক আৰু নাৰ্চাৰীৰ সহকাৰী শিক্ষকৰ। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া ২৫ মে'ৰ পৰা আৰম্ভ হ'ব। প্ৰাৰ্থীসকলে DSSSB ৱেবছাইট dsssb.delhi.gov.in ৰ জৰিয়তে ২৪ জুনৰ ভিতৰত আবেদন কৰিব পাৰিব।

উত্তৰ প্ৰদেশত অংগনৱাড়ীৰ বাম্পাৰ নিযুক্তি

উত্তৰ প্ৰদেশৰ শিশু বিকাশ সেৱা আৰু পুষ্টি বিভাগে দশম উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে খালী পদৰ বাবে প্ৰাৰ্থী বিচাৰিছে। উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ বাবে অংগনৱাড়ীত শ্ৰমিক, মিনি শ্ৰমিক আৰু সহায়ক পদ পূৰণৰ বাবে আবেদন বিচাৰিছে। আবেদনসমূহ ০৬ জুনলৈকে কৰিব পাৰি। আবেদনকাৰীয়ে http://balvikasup.gov.in বিভাগীয় ৱেবছাইটত অনলাইন আবেদন কৰিব লাগিব।

উত্তৰ প্ৰদেশ আৰক্ষীত ৯০০০ তকৈও অধিক পদৰ নিযুক্তি

উত্তৰ প্ৰদেশ আৰক্ষীয়ে উপ–পৰিদৰ্শকৰ খালী পদ পূৰণৰ নটিফিকেছন জাৰি কৰিছে। স্নাতক মহিলা আৰু পুৰুষ প্ৰাৰ্থীসকলে পৰিদৰ্শক পদৰ বাবে আবেদন কৰিব পাৰে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৯৫৩৪ টা উপ পৰিদৰ্শক (SI) পদ পূৰণৰ বাবে আৱেদন বিচাৰিছে। আৰক্ষী নিযুক্তি 2021 (UP Police Recruitment 2021) নটিফিকেচন অনুসৰি, এই প্ৰক্ৰিয়াৰ জৰিয়তে মহিলা আৰু পুৰুষ উপ-পৰিদৰ্শক (SI) নিয়োগ কৰা হ'ব। আগ্ৰহী প্ৰাৰ্থীসকলে ৩০ মে’, ২০২১ লৈকে uppbpb.gov.in অফিচিয়েল ৱেবছাইটলৈ গৈ উত্তৰ প্ৰদেশ আৰক্ষী এছআই নিযুক্তি ২০২১ (UP Police SI Bharti 2021))ৰ বাবে আবেদন কৰিব পাৰে।

ভাৰতীয় সেনাৰ বাম্পাৰ নিযুক্তি ৰেলী

ভাৰতীয় সেনাই (Indian Army) এআৰঅ যোধপুৰ, এআৰঅ' কোটা, এআৰঅ' আলৱাৰ আৰু এআৰঅ ঝুনঝুনুৰ অধীনত আৰম্ভ হ'ব লগা সেনা নিযুক্তিৰ এক কাৰ্যসূচী মুকলি কৰিছে। সেনাৰ Joinindianarmy.nic.in অফিচিয়েল ৱেবছাইটত জাৰী কৰা জাননী অনুসৰি, চিপাহী ফাৰ্মা, সৈনিক ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ, সৈনিক টেক এনএ পদত নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে আবেদনৰ প্ৰক্ৰিয়া ১৪ মে’, ২০২১ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ ২৭ জুন, ২০২১ নিৰ্ধাৰণ কৰা হৈছে। জয়পুৰ আৰঅ'ৰ বাবে সেনা নিযুক্তি ৰেলী ১১ জুলাই ২০২১ ৰ পৰা ২ আগষ্ট ২০২১ লৈ অনুষ্ঠিত হ'ব।
Published by: Sanjay Kumar Das
First published: May 21, 2021, 10:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি