ব’লক পূজা কৰিব! সৰস্বতী পূজাৰ দিনা ৰাস্তাত পুৰোহিতক ধৰি টনা-আজোৰা মহিলাৰ! Video Viral

News18 Assam | News18-Assam
Updated:January 29, 2020, 4:35 PM IST
ব’লক পূজা কৰিব! সৰস্বতী পূজাৰ দিনা ৰাস্তাত পুৰোহিতক ধৰি টনা-আজোৰা মহিলাৰ! Video Viral
ৰাস্তাৰ মাজৰ পৰা এগৰাকী মহিলা আৰু কেইটামান ল’ৰা–ছোৱালীয়ে এজন পুৰোহিতক পূজা কৰিবলৈ টনা–আজোৰা কৰি ৰাস্তাৰ পৰা জোৰকৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত

ৰাস্তাৰ মাজৰ পৰা এগৰাকী মহিলা আৰু কেইটামান ল’ৰা–ছোৱালীয়ে এজন পুৰোহিতক পূজা কৰিবলৈ টনা–আজোৰা কৰি ৰাস্তাৰ পৰা জোৰকৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত

  • Share this:
বাগদেৱী সৰস্বতী! প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়তে অতি উলহ–মালহেৰে পালন কৰা হয় সৰস্বতী পূজা। এইবাৰ সৰস্বতী পূজাত, পূজা কৰিবলৈ এজন পুৰোহিতক ৰাস্তাত ধৰি টনা–আজোৰা কৰা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ঘটনাটো পশ্চিম বংগৰ। বহু সময় ধৰি ৰৈ আছিল মন্দিৰৰ সন্মুখত কিছু সংখ্যক লোক। সেইসময়তে এজন পূজাৰীক ৰাস্তাৰে গৈ থকা দেখি, মন্দিৰলৈ আনিবলৈ টনা–আজোৰা কৰে এগৰাকী মহিলাৰ লগতে ছাত্ৰ–ছাত্ৰীসকলে। ৰাস্তাৰ মাজতে টনা আজোৰা কৰাত পূজাৰীজনে কয়, ‘আৰে ৰ’ব, মৰি যাম এতিয়া।’

কিন্তু পিছত পূজাৰীজন মন্দিৰটোলৈ আহিবলৈ বাধ্য হয়। পূজাৰীজন মন্দিৰলৈ অহাত সকলোৱে ফুৰ্তিত চিঞৰিবলৈ ধৰে।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি