ইটোৰ পিছত সিটো দুসংবাদ! এইবাৰ হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত সঞ্জয় দত্ত। ষ্টেজ থ্ৰীত ধৰা পৰিছে এই ৰোগ। কিছুদিন পূৰ্বে উশাহ লওতে কষ্ট পোৱাৰ কাৰণে মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি হৈছিল সঞ্জয় দত্ত। তেওঁৰ কোৰোণা ৰিপ’ৰ্ট নিগেটিভ আহিছিল। কিন্তু শাৰীৰিক অৱস্থাৰ অৱনতি হোৱা স্বত্তেও কিছু সুস্থ হৈ ঘৰলৈ উভতিছিল তেওঁ। হাস্পতালৰ পৰাও তেওঁক যাবলৈ দিয়া হৈছিল। ইয়াৰ মাজতে আহিল সেই ভয়ংকৰ খবৰ। হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে সঞ্জু বাবা।
৬১বছৰ বয়সত অভিনেতাজনৰ হাওফাওৰ কেন্সাৰ ৰোগ ধৰা পৰিছে ষ্টেজ থ্ৰীত। তেওঁৰ ঘনিষ্ঠ বন্ধুয়ে টুইট কৰি এই খবৰ জনায়।
আনহাত সঞ্জয় দত্তই নিজে টুইটাৰত প্ৰকাশ কৰে যে শৰীৰ ভালে নথকাৰ কাৰণে কিছুদিন তেওঁ কামৰ পৰা আঁতৰি থাকিব।
ইয়াৰ পিছতে এই খবৰ ওলায়। সূত্র মতে চিকিৎসাৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব সঞ্জয় দত্ত। 'বাবা'ৰ অসুস্থতাৰ বিয়পি পৰাৰ লগে লগে সকলোৱে তেওঁ সুস্থ হৈ উঠাৰ কামনা কৰিছে। সঞ্জয় দত্তৰ মাতৃ নাৰ্গিচেও পেনক্ৰিয়াছ কেন্সাৰত ১৯৮৪চনত সঞ্জয় প্ৰথম চিনেমা ৰকী মুক্তি লাভ কৰাৰ মাত্ৰ তিনিটা দিন পূৰ্বে মৃত্যুক সাৱটি লৈছিল।
তিনিবাৰ বিবাহপাশত আৱদ্ধ হোৱা সঞ্জয়ৰ বৰ্তমানৰ পত্নী মান্যতা আৰু দুই যমজ সন্তান বৰ্তমান ডুবাইত আছে।
কেন্সাৰ বলিউডৰ কাৰণে অভিশাপৰ দৰে। সোণালী বেন্দ্ৰে, লিছা ৰে’, ইৰফান খান, মনীষা কৈৰালা, আদি তাৰকাও এজনৰ পিছত সিজনকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। বৰ্তমান সঞ্জু বাবা সুস্থ হৈ উঠাৰ কামনা সকলোৰে।
FIRST PUBLISHED : August 12, 2020, 08:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।