মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »সুশান্ত সিং ৰাজপুত আত্মহত্যা সন্দৰ্ভত ছলমান খানক সোধা–পোচাৰ কাৰণে নামাতে আৰক্ষীয়ে, কাৰণ এইটো

সুশান্ত সিং ৰাজপুত আত্মহত্যা সন্দৰ্ভত ছলমান খানক সোধা–পোচাৰ কাৰণে নামাতে আৰক্ষীয়ে, কাৰণ এইটো

সুশান্তৰ আত্মহত্যাৰ পিছত কৰণ জোহৰ, ছলমান খান সহ একাংশ তাৰকাৰ বিৰুদ্ধে নেপ’টিজমৰ অভিযোগ উঠিছিল। ইয়াৰ মাজতে ছলমান খানক সোধা–পোচাৰ কাৰণে নামাতে বুলি স্পষ্ট কৰিছে আৰক্ষীয়ে। 

  • Share this:
মুম্বাইঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত একাধিক বলিউড চেলিব্ৰেটিৰ সৈতে সোধা–পোচা কৰিছে মুম্বাই আৰক্ষীয়ে। ইতিমধ্যেই সঞ্জয় লীলা ভান্সালী, অভিনেত্ৰী তথা সুশান্তৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তী, পৰিচালক মুকেশ চাবৰা, কাষ্টিং ডাইৰেক্টৰ সাহু শৰ্মা সহ একাধিক লোকৰ বিবৃতি গ্ৰহণ কৰিছে আৰক্ষীয়ে। সুশান্তৰ আত্মহত্যাৰ পিছতে কৰণ জোহৰ, চলমান খান সহ একাংশ তাৰকাৰ বিৰুদ্ধে নেপ’টিজমৰ অভিযোগ উঠিছিল। তথাপিও ছলমান খানক সোধা–পোচাৰ কাৰণে নামাতে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।

যোৱা সপ্তাহত ৰেশমা শেট্টীক সোধা–পোচা কৰিছিল মুম্বাই আৰক্ষীয়ে। ৰেশমা আছিল চলমান খানৰ এসময়ৰ মেনেজাৰ। প্ৰায় ৫ঘণ্টা সময় ৰেশমাক জেৰা কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে চলমান খানক প্ৰশ্ন কৰিবলৈ মতা নহয় এই কথা সূত্ৰত প্ৰকাশ কৰিছিল ডিচিপিয়ে।

সুশান্ত সিং ৰাজপুতক আত্মহত্যাৰ কাৰণে উচতাই দিয়াৰ অভিযোগ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল ছলমান খান, একতা কাপুৰ, সঞ্জয়লীলা ভান্সালী তথা কৰণ জোহৰৰ বিৰুদ্ধে। এইসকল চেলিব্ৰেটীৰ বিৰুদ্ধে বলিউডত নেপ’টিজম বা স্বজনতোষণৰ অভিযোগ উঠিছিল।

মঙলবাৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হৈছে।

শেহতীয়া বাতৰি