কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত ভংগ হ'ব পূৰ্বৰ ৫ বছৰৰ অভিলেখ। চলিত বৰ্ষত এইসমূহ ঘৰুৱা প্ৰতিষ্ঠানে নিজৰ কৰ্মচাৰীৰ বেতন ৯.৯ শতাংশ পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ২০১৬ চনত ১০.২ শতাংশ বৃদ্ধিৰ পিছত এয়াই আটাইতকৈ বেছি।
গোলকীয় পেছাদাৰী সেৱা প্ৰতিষ্ঠান আওনে তেওঁলোকৰ ২৬তম দৰমহা বৃদ্ধি জৰীপত কৈছে যে, এই বছৰ ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠিত BRICSৰ সৰ্বাধিক দৰমহা বৃদ্ধি এইবাৰ ভাৰতবৰ্ষত হোৱাৰ আশা কৰা হৈছে। এই বছৰ ব্ৰাজিলত কৰ্মচাৰীৰ দৰমহা ৫ শতাংশ, ৰাছিয়াত ৬.১ শতাংশ আৰু চীনত ৬ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জৰীপ প্ৰতিবেদনটো ৪০টাতকৈ অধিক উদ্যোগৰ ১,৫০০ কোম্পানীৰ তথ্যৰ বিশ্লেষণৰ ওপৰত আধাৰিত।
ই-কমাৰ্চ খণ্ডত এই বছৰ সৰ্বাধিক দৰমহা বৃদ্ধি ১২.৫ শতাংশ হ'ব বুলি আশা কৰা হৈছে। উচ্চ-প্ৰযুক্তি/তথ্য প্ৰযুক্তিত ১১.৬ শতাংশ আৰু পেছাদাৰী সেৱা খণ্ড ১০.৯ শতাংশ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তথ্য প্ৰযুক্তি সক্ষম সেৱাসমূহ ১০.৭ শতাংশ, ধাতু আৰু খনন ৮.৩ শতাংশ, ৰেষ্টুৰেণ্ট ৮.৫ শতাংশ আৰু চিমেণ্ট ৮.৬ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
জৰীপ অনুসৰি, কোম্পানীবোৰৰ বিত্তীয় অৱস্থাৰ উন্নতি আৰু ইতিবাচক ব্যৱসায়িক মনোভাৱৰ বাবে, কোম্পানীবোৰে এই বছৰ তেওঁলোকৰ কৰ্মচাৰীৰ অভিলেখসংখ্যক দৰমহা বৃদ্ধি কৰিবলৈ গৈ আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|