‘লাভ আজ কাল’ৰ ট্ৰেইলাৰত অন্তৰংগ দৃশ্যত জীয়ৰি, ছেফ আলী খানে মুকলিকৈ দেখুৱালে অসন্তুষ্টি

News18 Assam | News18-Assam
Updated:January 18, 2020, 4:08 PM IST
‘লাভ আজ কাল’ৰ ট্ৰেইলাৰত অন্তৰংগ দৃশ্যত জীয়ৰি, ছেফ আলী খানে মুকলিকৈ দেখুৱালে অসন্তুষ্টি
স্পষ্টবাদীতাৰ কাৰণে ছেফ আলী খান জনাজাত।

স্পষ্টবাদীতাৰ কাৰণে ছেফ আলী খান জনাজাত।

  • Share this:
২০২০চনৰ অন্যতম অপেক্ষিত ছবি ইমতিয়াজ আলীৰ লাভ আজ কল। ভেলেণ্টাইনছ ডে’ৰ দিনা ছবিখনে মুক্তি লাভ কৰিব। ইতিমধ্যে ছাৰা আলী খান–কাৰ্তিক আৰয়ান থকা চিনেমাখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে অনুৰাগীৰ মাজত প্ৰৱল উছাহ। কিন্তু কাৰ্তিক আৰয়ান–ছাৰা আলী খানৰ অন্তৰংগ দৃশ্য থকা ট্ৰেইলাৰ অনুৰাগীয়ে আদৰি ল’লেও চিনেমাখনৰ ট্ৰেইলাৰ ভালপোৱা নাই ছাৰাৰ পিতৃ ছেফ আলী খানে। স্পষ্টবাদিতাৰ কাৰণে জনাজাত ছেফে কৈ দিছে ছবিখনৰ ট্ৰেইলাৰ ভাল নোপোৱাৰ কথা।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ছেফ আলী খানে এটা সাক্ষাৎকাৰত মুকলিকৈ কৈছে যে তেওঁ ২০০৯চনৰ একেই নামৰ নিজৰ চিনেমাৰ ট্ৰেইলাৰ বেছি ভাল পাইছিল। অৰ্থাৎ জীয়ৰিৰ চিনেমাৰ ট্ৰেইলাৰ তেওঁৰ বিশেষ পচন্দ হোৱা নাই।

ছবি অনুৰাগীয়ে কাৰ্তিক আৰু ছাৰাৰ কেমিষ্ট্ৰী ভাল পালেও একাংশৰ মতে প্ৰথম চিনেমাখনৰ দৰে এইখন চিনেমাৰো প্লট একেই ৰখা হৈছে। উল্লেখযোগ্য যে ২০০৯চনৰ  মুক্তি লাভ কৰা ছেফ আলী খান আৰু দিপীকা পাডুকনৰ হিট চিনেমা  ‘লাভ আজ কল’ৰ একেই নামৰ ছিকুৱেল আগবঢ়াইছে একেজন ইমতিয়াজ আলীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি