ভাৰতীয় ক্ৰিকেট দলৰ উদীয়মান বেটছমন, আই পি এলৰ কোলকাতা নাইট ৰাইডৰ্ছৰৰ খেলুৱৈ শুভমন গিলৰ সৈতে কি সম্পৰ্ক শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰৰ? কিছু দিন ধৰি এতিয়া দুয়োৰে মাজৰ সম্পৰ্ককৈ চলি আছে চৰ্চা। ছচিয়েল মিডিয়াত দুয়োৰে ফটো বিভিন্ন সময়ত ভাইৰেল হৈ পৰা দেখা যায়।
![]()
বুধবাৰে কে কে আৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত মেচ চলি থকাৰ অৱস্থাত ছাৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শুভমনে ফিল্ডিং কৰি থকা এখন ফটো শ্বেয়াৰ কৰে। লগত দিয়ে হাৰ্টৰ ইম’জি। ইয়াৰ পিছতে আৰম্ভ হয় ব্যাপক চৰ্চা।
View this post on Instagram
?
A post shared by Sara Tendulkar (@saratendulkar) on
ইফালে মেচ শেষ হোৱাৰ পিছতে শুভমনেও একেই কেপচন আৰু ইম’জিৰ সহায়ত নিজৰ ফটো পোষ্ট কৰে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|