কোৰোণামুক্ত হৈ হাস্পতালৰ পৰা উভতিল শচীন তেণ্ডুলকাৰ

News18 Assam | News18-Assam
Updated:April 8, 2021, 7:04 PM IST
কোৰোণামুক্ত হৈ হাস্পতালৰ পৰা উভতিল শচীন তেণ্ডুলকাৰ
শেহতীয়াকৈ শচীন তেণ্ডুলকাৰে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজত অংশগ্ৰহণ কৰিছিল।

শেহতীয়াকৈ শচীন তেণ্ডুলকাৰে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজত অংশগ্ৰহণ কৰিছিল।

  • Share this:
কোৰোণামুক্ত হ’ল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ (Sachin Tendulkar)। বৃহস্পতিবাৰে হাস্পতালৰ পৰা উভতিল তেণ্ডুলকাৰ। শচীনে কিছুদিন ঘৰতে কোৱাৰেণ্টাইনত থাকিব। উল্লেখযোগ্য যে ২৭ মাৰ্চত কোৰোণা পজিটিভ হৈছিল মাষ্টাৰ ব্লাষ্টাৰগৰাকী। তাৰ পিছতে নিজক ঘৰতে আইছ’লেট কৰিছিল তেওঁ। কিন্তু ২ এপ্ৰিলত শচীনে হাস্পতালত ভৰ্তি হোৱাৰ সিদ্ধান্ত লৈছিল।

শেহতীয়াকৈ শচীন তেণ্ডুলকাৰে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজত অংশগ্ৰহণ কৰিছিল। শচীনৰ নেতৃত্বত ইণ্ডিয়া লিজেণ্ডছ চেম্পিয়ন হৈছিল আৰু ফাইনেলত শ্ৰীলংকা লিজেণ্ডছক পৰাজিত কৰিছিল। এই টুৰ্ণামেণ্টৰ কিছুদিন পিছতে কোৰোণাত আক্ৰান্ত হয় শচীন। ইণ্ডিয়া লিজেণ্ডছৰ আন তিনিগৰাকী খেলুৱৈ ইউছুফ পাঠান, ইৰফান পাঠান আৰু এছ বদ্ৰীনাথো আক্ৰান্ত হৈছিল কোৰোণাত।
Published by: Sanjay Kumar Das
First published: April 8, 2021, 7:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি