• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • অহা মাহৰ পৰা বেংকৰ লেনদেনৰ বহু কেইটা নিয়ম সলনি হ’ব...আজিয়েই জানি লওক

অহা মাহৰ পৰা বেংকৰ লেনদেনৰ বহু কেইটা নিয়ম সলনি হ’ব...আজিয়েই জানি লওক

যোৱা বছৰ ডিচেম্বৰ মাহত NEFT সেৱা 24x7x365 কৰা হৈছিল।

যোৱা বছৰ ডিচেম্বৰ মাহত NEFT সেৱা 24x7x365 কৰা হৈছিল।

যোৱা বছৰ ডিচেম্বৰ মাহত NEFT সেৱা 24x7x365 কৰা হৈছিল।

  • Share this:
বছৰৰ শেষত অৰ্থাত্‍ ডিচেম্বৰ মাহৰ পৰা বেংকৰ লেনদেন সংক্ৰান্তীয় বহু কেইটা নিয়ম সলনি হ’ব। ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা NEFT সেৱা 24x7x365 কৰাৰ কথা ঘোষণা কৰা হৈছে। ডিচেম্বৰ ২০২০ৰ পৰা এই নতুন নিয়ম প্ৰযোজ্য হ’ব। এই সেৱাৰ ফলত RTGSৰ মাধ্যমেৰে গ্ৰাহকে ২৪ ঘণ্টাই টকা ট্ৰেন্সফাৰ পৰিব পাৰিব। মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰক বাদ দি ওৱৰ্কিং দ্যেত পুৱা ৭ বজাৰ পৰা বিয়লি ৬ বজালৈকে এই সুবিধা লাভ কৰিব।

RTGSৰ মাধ্যমেৰে ৰিয়েল টাইম ফাণ্ড ট্ৰেন্সফাৰ কৰাৰ সুবিধা পোৱা যায়। বৃহত্‍ পৰিমাণৰ টকা ট্ৰান্সফাৰৰ ক্ষেত্ৰত এই মাধ্যম ব্যৱহাৰ কৰা হয়। RTGSত ২ লাখতকৈ কম টকা ট্ৰেন্সফাৰ নহয়। অনলাইন বা বেংকৰ শাখালৈ গৈয়ো এই সুবিধা ল’ব পাৰে। অনলাইন জৰিয়তে ট্ৰেন্সফাৰ কৰিলেও কোনো ধৰণৰ অতিৰিক্ত শুল্ক পৰিশোধ কৰিব নালাগে। কিন্তু বেংকৰ শাখাত কৰিলে অতিৰিক্ত শুল্ক পৰিশোধ কৰিবলগীয়া হয়।

ৰিজাৰ্ভ বেংকৰ মনিটৰী পলিচি কমিটীয়ে সুতৰ হাৰ কোনো ধৰণৰ সলনি কৰা নাই। আৰ বি আইৰ গৰ্ভনৰ শশীকান্ত দাসৰ নেতৃত্বত ৬ জনীয়া কমিটীয়ে মনিটৰী পলিচি কমিটী সুতৰ হাৰত কোনো ধৰণৰ সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেপো ৰেট ৪ শতাংশ অপৰিৱৰ্তিত হিচাপে আছে।
Published by:Himangshu Bhuyan
First published: