মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »১০ দিনত ৬টাকৈ নিয়মৰ সালসলনি কৰিলে SBI–এ, ৪২ কোটি গ্ৰাহকৰ ওপৰত পৰিব পোনপটীয়া প্ৰভাৱ

১০ দিনত ৬টাকৈ নিয়মৰ সালসলনি কৰিলে SBI–এ, ৪২ কোটি গ্ৰাহকৰ ওপৰত পৰিব পোনপটীয়া প্ৰভাৱ

Source-Google

SBIৰ এই সালসলনিৰ ফলত এফালে গ্ৰাহকৰ লাভ হ’ব যদিও আনফালে সন্মুখীন হ’ব লোকচানৰ।

  • Share this:
    দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে ১ অক্টোবৰৰ পৰা এতিয়ালৈ কেইবাটাও নিয়মৰ সালসলনি ঘটাইছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ বেংকটোৰ গ্ৰাহকসকলৰ ওপৰত পৰিব। SBIৰ এই সালসলনিৰ ফলত এফালে গ্ৰাহকৰ লাভ হ’ব যদিও আনফালে সন্মুখীন হ’ব লোকচানৰ। এই সালসলনিৰ বিষয়ে জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়।

    কি কি নিয়মৰ সালসলনি কৰিলে SBI–এ :
    ১. SBI–এ বিনামূলীয়াকৈ দিব এইসমূহ সুবিধা : প্ৰথমটো সকলোতকৈ ডাঙৰ সালসলনি হৈছে মাহিলী থাকিবলগীয়া জমা ধনক লৈ। SBIৰ একাউণ্টত মাহিলী ন্যূনতম জমাধন নাথাকিলে দিবলগীয়া চাৰ্জ হ্ৰাস হ’ব। যদি আপোনাৰ বেংক একাউণ্ট মেট্ৰ’ চিটী আৰু চহৰ অঞ্চলৰ শাখাত আছে, তেন্তে আপুনি মাহিলী ন্যূনতম জমাধন ৰাখিব লাগে ক্ৰমে ৫,০০০ আৰু ৩,০০০ টকা।

    ২. SBI–এ সুলভ কৰিলে ঋণ : ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলৰ বাবে মাৰ্জিনেল কষ্ট লেণ্ডিং ৰেট (MCLR)ত ০.১০ শতাংশ হ্ৰাস কৰিছে। ইয়াৰ ফলত উপকৃত হ’ব সকলো গ্ৰাহক। বেংকে ২০১৯–২০ বিত্তীয় বৰ্ষত ষষ্ঠবাৰৰ বাবে হ্ৰাস কৰিছে MCLR। এই হাৰ ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ দ্বাৰা বেংকৰ গ্ৰাহকৰ হোম আৰু অটো লোণৰ EMI ৰিছেট পিৰিয়ড অনুসৰি হ্ৰাস পাব।

    ৩. ডেবিট কাৰ্ডত ইএমআইৰ সুবিধা : SBI–এ ৰামনৱমী উপলক্ষে ডেবিট কাৰ্ড ইএমআই সেৱাৰ শুভাৰম্ভ কৰিছে। যদি আপোনাৰ ওচৰত এছ বি আইৰ ডেবিট কাৰ্ড আছে তেন্তে আপুনি মুক্তভাৱে বজাৰ কৰিব পাৰে আৰু পিছত ইয়াৰ ইএমআই পৰিশোধ কৰিব পাৰে। ইয়াৰ বাবে উপভোক্তাই ন্যূনতম ৬ৰ পৰা ১৮ মাহলৈ ইএমআইৰ বিকল্প নিৰ্বাচন কৰিব পাৰে। এই সেৱা ১৫০০ৰো অধিক চহৰত আৰম্ভ কৰা হৈছে। কোম্পানীয়ে গ্ৰাহকক ইনষ্টলমেণ্টত বজাৰ কৰাৰ সুবিধা প্ৰদান কৰিছে। SBI–এ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই সেৱা আৰম্ভ কৰিছে।

    ৪. ATMৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি : ১ অক্টোবৰৰ পৰা SBIৰ ATM চাৰ্জতো সালসলনি ঘটোৱা হৈছে। এতিয়া বেংকৰ গ্ৰাহকসকলে মেট্ৰ’ চহৰৰ SBIৰ ATMত সৰ্বাধিক ১০ বাৰ বিনামূল্যে ডেবিট ট্ৰানজেকশ্যন কৰিব পাৰিব। বৰ্তমান এই সীমা ৬বাৰ। আনহাতে, আন স্থানৰ ATMত সৰ্বাধিক ১২টা বিনামূলীয়া ট্ৰানজেকশ্যন কৰিব পাৰিব।

    ৫. ছেভিং একাউণ্টৰ জমাত সুদ হ্ৰাস : SBI–এ নিজৰ গ্ৰাহকসকলৰ ছেভিং একাউণ্টৰ জমাধনৰ সুদ হ্ৰাস কৰিছে। ছেভিং একাউণ্টত ১ লাখ টকালৈ জমা ৰখা গ্ৰাহকৰ বাবে বেংকে সুদৰ হাৰ ৩.৫০ শতাংশৰ পৰা হ্ৰাস কৰি ৩.২৫ শতাংশ কৰিছে। ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই সুদৰ হাৰ।

    ৬. সুদৰ হাৰ হ্ৰাস : SBI–এ এবছৰৰ পৰা দুবছৰৰ ৰিটেইল টাৰ্ম ডিপ’জিট অৰ্থাৎ ফিক্সড ডিপ’জিট আৰু ব্লক টাৰ্ম ডিপ’জিটৰ ওপৰত পাবলগীয়া সুদৰ হাৰ হ্ৰাস কৰিছে। এফ ডিৰ ওপৰত সুদৰ হাৰো হ্ৰাস কৰিছে বেংকটোৱে। নতুন হাৰ ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি