চীনত নিৰ্মিত সামগ্ৰীৰ বিৰুদ্ধে দেশ জুৰি আনিব জাগৰণ! চীনক দিলে সকিয়নী

 চীনত নিৰ্মিত সামগ্ৰীয়ে ভাৰতীয় অৰ্থনীতিক কোঙা কৰাৰ সময়তে RSSৰ ভাতৃ সংগঠন ভাৰত-তিব্বত সহযোগী মঞ্চই চীনা সামগ্ৰীৰ বিৰুদ্ধে ঘোষণা কৰিছে জেহাদ!

News18-Assam
Updated:September 10, 2019, 6:15 PM IST
চীনত নিৰ্মিত সামগ্ৰীৰ বিৰুদ্ধে দেশ জুৰি আনিব জাগৰণ! চীনক দিলে সকিয়নী
Source-Google
News18-Assam
Updated: September 10, 2019, 6:15 PM IST
ৰাজু বৰুৱাঃ চীনত নিৰ্মিত সামগ্ৰীয়ে ভাৰতীয় অৰ্থনীতিক কোঙা কৰাৰ সময়তে RSSৰ ভাতৃ সংগঠন ভাৰত-তিব্বত সহযোগী মঞ্চই চীনা সামগ্ৰীৰ বিৰুদ্ধে ঘোষণা কৰিছে জেহাদ ৷ চীনত নিৰ্মিত সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিবলৈ অভিযান চলাব মঞ্চই ৷ সৰ্বভাৰতীয়

সংগঠনটোৱে মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাৱত সংবাদমেল দি সদৰি কৰিলে সংগঠনটোৰ চীন বিৰোধী স্থিতি ৷ ভাৰত-তিব্বত সহযোগী মঞ্চৰ কেন্দ্ৰীয় সম্পাদক প্ৰমোদ গোয়েলে লগতে ক'লে, "তিব্বতৰ স্বাধীনতা আৰু কৈলাস মানসৰোবৰৰ মুক্তিৰ বাবে যুঁজ দি আছে ভাৰত-তিব্বত সহযোগী মঞ্চই ৷ ৰঙা চীনে দেশৰ অখণ্ডতালৈ অনা ভাবুকি তিব্বত স্বাধীন হ'লেহে হ'ব সম্ভৱ ৷ তিব্বতৰ স্বাধীনতা আৰু কৈলাস মানসৰোবৰৰ মুক্তিৰ বাবে দিল্লীত ২১ আৰু ২২ ছেপ্টেম্বৰত হ'ব সন্মিলন ৷"



সংগঠনটোৱে অসমত সভাপতিৰ দায়িত্ব অৰ্পন কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাসৰ ওপৰত ৷
আৰু চাওক পৰৱৰ্তী বাতৰি