প্ৰথমবাৰলৈ সকলো ক’লে ৰবীন উত্থাপ্পাই।
সেইসময়ত ভাৰতীয় ক্ৰিকেটলৈ আহি পৰিছিল দুৰ্যোগ! কিন্তু সেই সময়তে প্ৰথমবাৰলৈ আয়োজন কৰা হৈছিল টি২০-বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ধোনীও আছিল তেতিয়া নতুন! নাছিল নেতৃত্ব প্ৰদানৰ কোনো অভিজ্ঞতা। তথাপিও নিৰ্বাচক কমিটীয়ে মহেন্দ্ৰ সিং ধোনীকে অধিনায়ক হিচাপে নিৰ্বাচিত কৰি এটা পঠিয়াইছিল দক্ষিণ আফ্ৰিকালৈ। দলটোত অভিজ্ঞ হিচাপে আছিল হৰভজন সিং, বীৰেন্দ্ৰ ছেহৱাগ, যুৱৰাজ সিং আৰু অজিত আগাৰকাৰ।
লীগৰ প্ৰথমখন মেচতে ভাৰত মুখামুখী হৈছিল চিৰবৈৰী পাকিস্তানৰ। মেচখন ড্ৰ হোৱাৰ পিছত ছুপাৰ অভাৰৰ ঠাইত হৈছিল ‘bowl-out’। আৰু সেই ‘bowl-out’ত ভাৰতে জয়লাভ কৰাৰ আঁৰত আছিল ধোনীৰ বিশেষ ৰণকৌশল। প্ৰথমবাৰলৈ সেই কথা পোহৰলৈ আনিলে ২০০৭ টি২০ বিশ্বকাপ দলৰ সদস্য ৰবীন উত্থাপ্পাই।
‘bowl-out’ৰ সময়ত পাকিস্তানৰ উইকেট কীপাৰতকৈ কিছু পৃথক দেখা গৈছিল ধোনীক। ধোনী আছিল ষ্টাম্পৰ একেবাৰে পুনে পুনে। যিয়ে ভাৰতীয় বলাৰ সকলক ষ্টাম্পলৈ বল কৰাত সহজ কৰি তুলিছিল।
উত্থাপ্পাৰ কোৱা মতে, ধোনীয়ে বলাৰ সকলক উইকেট কীপাৰ থকা স্থানলৈ লক্ষ্য কৰি বল কৰিবলৈ কৈছিল। যিয়ে আনি দিছিল সফলতা। মাত্ৰ তিনিবাৰ বল মাৰিয়েই জয়লাভ কৰিছিল ভাৰতে। ভাৰতৰ হৈ বল কৰিছিল- ৰবীন উত্থাপ্পা, বীৰেন্দ্ৰ ছেহৱাগ আৰু হৰভজন সিঙে।
কিন্তু ভুল ৰণনীতিৰে পৰিচালিত পাকিস্তানে এবাৰো ষ্টাম্পত লগাব পৰা নাছিল বল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|