দুৰ্দান্ত ৪৭ৰাণেৰে ৰাজস্থান ৰয়েলছক বিজয়ী কৰোৱা ৰিয়ানক দেশজুৰি ভূয়সী প্ৰশংসা

৫টা চাৰি আৰু দুটা ছয় কোবাই ৰাজস্থান ৰয়েলছক জিকোৱা ৰিয়ান পৰাগ দেশৰ নতুন ক্ৰিকেট চাঞ্চল্য। আইপিএলত প্ৰথমটো অৰ্ধশতকৰ পৰা মাত্ৰ তিনি ৰাণ দূৰৈত ৰৈ গ’ল অসমৰ ৰিয়ান।

news18
Updated:April 26, 2019, 2:38 PM IST
দুৰ্দান্ত ৪৭ৰাণেৰে ৰাজস্থান ৰয়েলছক বিজয়ী কৰোৱা ৰিয়ানক দেশজুৰি ভূয়সী প্ৰশংসা
৫টা চাৰি আৰু দুটা ছয় কোবাই ৰাজস্থান ৰয়েলছক জিকোৱা ৰিয়ান পৰাগ দেশৰ নতুন ক্ৰিকেট চাঞ্চল্য। আইপিএলত প্ৰথমটো অৰ্ধশতকৰ পৰা মাত্ৰ তিনি ৰাণ দূৰৈত ৰৈ গ’ল অসমৰ ৰিয়ান।
news18
Updated: April 26, 2019, 2:38 PM IST
পৰাজয়ৰ গ্ৰাসৰ পৰা নিজৰ দল ৰাজস্থান ৰয়েলছক উদ্ধাৰ কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৩উইকেটত জয়ী কৰোৱা ৰিয়ান পৰাগ এতিয়া দেশৰ কোটি কোটি ক্ৰিকেটপ্ৰেমীৰ নয়নৰ মণি। মাত্ৰ তিনি ৰাণৰ কাৰণে অৰ্ধশতক সম্পূৰ্ণ কৰি আইপিএলৰ আটাইতকৈ কমবয়সীয়া ক্ৰিকেটাৰৰ অভিলেখ গঢ়িবলৈ সক্ষম নহ’ল ৰিয়ান।

ভাগ্যৰ ফেৰ! কেনেকৈ আনলাকী আউট হ’ল ৰিয়ান পৰাগ:

কিন্তু ৩১টা বলত ৪৭ ৰাণ সংগ্ৰহ কৰি  দেশবাসীৰ মাজত নতুন ক্ৰিকেট চাঞ্চল্য হৈ পৰিছে ৰিয়ান পৰাগ। দুটা ছয় আৰু ৫টা চাৰি কোবাই ৰিয়ানে জফ্ৰা আৰ্চাৰৰ সৈতে মিলি কলকাতা নাইট ৰাইডাৰ্ছক পানী খুৱাই দিয়ে। নামী–দামী ব্যক্তিৰ পৰা সকলো শ্ৰেণীৰ লোকৰ মুখে মুখে এতিয়া ৰিয়ান পৰাগৰ নাম।

ৰিয়ান পৰাগক "গেম চেঞ্জাৰ অফ দা মেটচ্" এৱাৰ্ড প্ৰদান কৰা হয়।


ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে এতিয়া ছচিয়েল মিডিয়া টুইটাৰ।



 

 



৪৭ৰাণ সংগ্ৰহ কৰি ৰিয়ান পৰাগে সমগ্ৰ খেলখন নিজৰ দলৰ দখললৈ লৈ আনিলে, কিন্তু ৫০ৰাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বে আন্দ্ৰে ৰাছেলৰ বলত আউট হয় ৰিয়ান। ৰিয়ানৰ অৱদানৰ বাবেই শেষ অভাৰত জয়ৰ বাবে ৰাজস্থান ৰয়েলছক প্ৰয়োজন হয়গৈ  ৯ৰাণৰ। জফ্ৰা আৰ্চাৰ এটা বিশাল ছয়ৰে খেলৰ সামৰণি পৰে।

কঁকালৰ খোচনিত গামোচা লৈ ৰিয়ানে জিকালে দলকঃ

Parag’s axomia gamcha as the Steve Waugh style rag 👌🏽




চাপৰ মাজতো শান্ত হৈ বেটিং কৰা ৰিয়ান পৰাগৰ ব্যক্তিত্ব আৰু প্ৰদৰ্শনে সকলোৰে মন মোহিছে।





একাংশই আকৌ ক্ৰিকেটৰ ভগৱান শচীনৰ ইনিংছলৈও মনত পেলালে।



 

 

আৰু চাওক পৰৱৰ্তী বাতৰি