ৰান আউট হ’ল ৰিয়ান পৰাগ, সমালোচনাৰ সন্মুখীন ৰবীন উত্থাপা!

News18 Assam | News18-Assam
Updated:October 14, 2020, 11:14 PM IST
ৰান আউট হ’ল ৰিয়ান পৰাগ, সমালোচনাৰ সন্মুখীন ৰবীন উত্থাপা!
১৩ ৰানত জয়লাভ কৰে দিল্লী কেপিটেলছে।

১৩ ৰানত জয়লাভ কৰে দিল্লী কেপিটেলছে।

  • Share this:
ফৰ্ম উভতাই পোৱা ৰিয়ান পৰাগৰ বাবে যেন সুখকৰ নহ’ল দিল্লী কেপিটেলছৰ বিৰুদ্ধে ভাগ লোৱা মেচখন। মাত্ৰ ১ ৰান সংগ্ৰহ কৰিয়েই ৰান আউট হৈ পেভিলিয়নলৈ উভতিল ৰিয়ান পৰাগ।

অক্সৰ পেটেলৰ অ’ভাৰত ৰবীন উত্থাপাই ৰান ল’বলৈ চেষ্টা কৰিছিল। কিন্তু ৰান নলৈ পুনৰ উভতি যোৱাৰ ফলতে দুৰ্ভাগ্যজনক ভাবে ৰান আউট হয় ৰিয়ান পৰাগ। ৰিয়ান পৰাগ আউট হোৱাৰ লগে লগে চাপত পৰে ৰাজস্থান ৰয়েলছ।

ইফালে প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছে নিৰ্ধাৰিত ২০ অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১৬১ ৰান সংগ্ৰহ কৰে। ১৬২ ৰানৰ লক্ষ্য আগত ৰাখি বেন ষ্টকছ আৰু জৰ্জ বাটলাৰে সুন্দৰ আৰম্ভণী কৰে ৰাজস্থান ৰয়েলছে। সঞ্জু ছেমছনেও ২৫ ৰানৰ বৰঙণি আগবঢ়ায়। কিন্তু ৰবীন উত্থাপাৰ মন্থৰ বেটিং আৰু মিডল অৰ্ডাৰ বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে মেছখনত নিৰ্ধাৰিত ২০ অ’ভাৰত ১৪৮ ৰান কৰিবলৈহে সক্ষম হয় ৰাজস্থান ৰয়েলছ।

ইফালে মেচত পৰাজয়বৰণ কৰাৰ পিছতে ছচিয়েল মিডিয়াত একাংশই সমালোচনা কৰিছে ৰবীন উত্থাপাক।
Published by: Himangshu Bhuyan
First published: October 14, 2020, 10:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading