২২ ছেপ্তেম্বৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ, সাজু অসমৰ ৰিয়ান পৰাগ

News18 Assam | News18-Assam
Updated:September 11, 2020, 11:52 PM IST
২২ ছেপ্তেম্বৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ, সাজু অসমৰ ৰিয়ান পৰাগ
১৯ ছেপ্তেম্বৰৰ পৰা ইউনাইটেড আৰব এমিৰেটছ চমুকৈ ইউ এ ই ত অনুষ্ঠিত হ’ব ত্ৰয়োদশ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেল।

১৯ ছেপ্তেম্বৰৰ পৰা ইউনাইটেড আৰব এমিৰেটছ চমুকৈ ইউ এ ই ত অনুষ্ঠিত হ’ব ত্ৰয়োদশ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেল।

  • News18 Assam
  • Last Updated: September 11, 2020, 11:52 PM IST
  • Share this:
১৯ ছেপ্তেম্বৰৰ পৰা ইউনাইটেড আৰব এমিৰেটছ চমুকৈ ইউ এ ই ত অনুষ্ঠিত হ’ব ত্ৰয়োদশ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেল। কোভিড ১৯ৰ বাবে এইবাৰৰ আই পি এলৰ খেল ‘ইউ এ ই’ৰ তিনিটা ভ্যেনু ক্ৰমে শ্বাৰজাহ, ডুবাই আৰু আবু ধাবিত অনুষ্ঠিত হ’ব।

বিশ্ব ক্ৰিকেটৰ গ্লেমাৰিয়াছ লীগখনৰ উদ্ধোধনী খেলখন ১৯ ছেপ্তেম্বৰত আবুধাবিত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব। লীগৰ চতুৰ্থ খন খেল ২২ ছেপ্তেম্বৰত শ্বাৰজাহত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব।

শ্বাৰজাহৰ নিজৰ অপেনিং মেছখনৰ বাবে সাজু হৈছে অসমৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। সুযোগৰ অপেক্ষাত থকা সোঁহতীয়া বেটছমেন ৰিয়ান পৰাগে খেলত বেট আৰু বলিঙত চমক সৃষ্টিৰে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে। ৰিয়ান পৰাগৰ খেলৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে অসমৰ ক্ৰিকেট প্ৰেমীও।
Published by: Himangshu Bhuyan
First published: September 11, 2020, 11:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading