ৰিয়ান পৰাগ হ’ব ভাৰতৰ এ বি ডি ভিলিয়াৰছ!

আগন্তুক দিনত ৩৬০ ডিগ্ৰীৰ শ্বট মাৰিব পৰা ভাৰতীয় বেটছমেন হ’ব ৰিয়ান পৰাগ

news18assam
Updated:May 8, 2019, 1:35 PM IST
ৰিয়ান পৰাগ হ’ব ভাৰতৰ এ বি ডি ভিলিয়াৰছ!
আগন্তুক দিনত ৩৬০ ডিগ্ৰীৰ শ্বট মাৰিব পৰা ভাৰতীয় বেটছমেন হ’ব ৰিয়ান পৰাগ
news18assam
Updated: May 8, 2019, 1:35 PM IST
আই পি এল ২০১৯ত চমকপ্ৰদ প্ৰদৰ্শন কৰি এতিয়া বিশ্বৰ বহু ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষ‍ণ কৰিছে অসম সন্তান ৰিয়ান পৰাগে।

আই পি এলৰ ১২সংখ্যক সংস্কৰণত ৰাজস্থান ৰয়েলছৰ হৈ ৭খন মেচত গড়ে ৩২ ৰানেৰে ১৬০ ৰান সংগ্ৰহ কৰাৰ লগতে ৮.৬৪ ইকনমিৰে দুটা উইকেট দখল কৰাৰ পিছত ৰিয়ান পৰাগক এতিয়া ভূয়সী প্ৰশংসা কৰিছে বিশ্বৰ বহু ক্ৰিকেট বিশেষজ্ঞই। প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডিন জ’নছে ৰিয়ানক প্ৰশংসা কৰি কয় যে ৰিয়ানে খেল পথাৰৰ প্ৰতিটো দিশতে যিকোনো শ্বটে খুব নিখুঁটভাৱে খেলিব পাৰে।



খেল পথাৰত ৩৬০ ডিগ্ৰী শ্বট মাৰিব পৰাৰ দক্ষতাৰ বাবে ভৱিষ্যতৰ দিনত ৰিয়ান হ’ব ভাৰতীয় ক্ৰিকেটৰ বাবে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ এ বি ডি ভিলিয়াৰছ। ইণ্ডিয়া টিভিৰ ৱেবছাইটত প্ৰকাশ পাইছে এই সন্দৰ্ভত এক সুন্দৰ প্ৰবন্ধ। ডিভিলিয়াৰছে যিদৰে নিজেই শ্বট আৱিষ্কাৰ কৰি নিখুঁটভাৱে খেলিব পাৰে, সেই সমগুণৰ অধিকাৰী অসম সন্তান ৰিয়ান পৰাগ।



ইতিমধ্যে আই পি এল শেষ কৰি ৰিয়ান পৰাগ এতিয়া উপস্থিত হৈছেহি নিজৰ অসমৰ ঘৰত। কিছুদিন বিশ্ৰাম লৈ ৰিয়ানে আকৌ নিজক সাজু কৰিব ঘৰুৱা ক্ৰিকেটৰ বাবে।
আৰু চাওক পৰৱৰ্তী বাতৰি