IPL 2021: ৰাজস্থান ৰয়েল্ছৰ পৰাজয়ত নিজৰ ওপৰতে খং উঠিল ৰিয়ান পৰাগৰ, দুখতে লিখিলে এই কথা

News18 Assam | News18-Assam
Updated:April 13, 2021, 6:33 PM IST
IPL 2021: ৰাজস্থান ৰয়েল্ছৰ পৰাজয়ত নিজৰ ওপৰতে খং উঠিল ৰিয়ান পৰাগৰ, দুখতে লিখিলে এই কথা
ৰিয়ান পৰাগে এইবাবেই এই টুইট কৰিছিল কাৰণ অন্তিম সময়ত তেওঁ আউট হৈ গৈছিল।

ৰিয়ান পৰাগে এইবাবেই এই টুইট কৰিছিল কাৰণ অন্তিম সময়ত তেওঁ আউট হৈ গৈছিল।

  • Share this:
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্থখন মেচত সোমবাৰে পঞ্জাব কিংছৰ হাতত পৰাস্ত হয় ৰাজস্থান ৰয়েল্ছ। ২২২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থান দলে ২০ অভাৰত ২১৭ ৰান কৰিবলৈ সক্ষম হয়। সঞ্জু ছেমছনৰ দৰ্শনীয় শতৰানৰ পিছতো খেলখনত পৰাস্ত হ’বলগীয়া হয় দলটো।

এই পৰাজয়ৰ পিছতে দলটোৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে এনে এক টুইট কৰিছে যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কোনোৱে হয়তো ৰিয়ান পৰাগ (Riyan Parag Tweet)ৰ পৰা এনে টুইট আশা কৰা নাছিল আৰু পিছত যেতিয়া খেলুৱৈজনে সেয়া বুজি পালে তেতিয়া টুইটটো ডিলিট কৰি দিয়ে।

ৰিয়ান পৰাগে ৰাজস্থান ৰয়েল্ছৰ পৰাজয়ৰ পিছত নিজৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰে। পৰাজয়ৰ পিছকে ৰিয়ান টুইট কৰি লিখিলে, ‘‘Im shit’’। ৰিয়ানৰ এই টুইটৰ পিছতে অনুৰাগীসকলে তেওঁক সান্তনা দিয়ে। পিছত ৰিয়ানে এই টুইটটো ডিলিট কৰি দিয়ে।

ৰিয়ান পৰাগে এইবাবেই এই টুইট কৰিছিল কাৰণ অন্তিম সময়ত তেওঁ আউট হৈ গৈছিল। ৰিয়ান পৰাগে ১১ বলত ২৫ ৰানৰ এক দ্ৰুত ইনিংছ খেলিছিল, য’ত এটা চাৰি আৰু তিনিটা ছয় আছিল। কিন্তু খেলৰ ১৭ অভাৰত মহম্মদ ছামীৰ বলত উইকেটকীপাৰ কে এল ৰাহুলৰ হাতত কেছ তুলি দিয়ে ৰিয়ানে।



ৰিয়ান পৰাগ আউট হোৱাৰ পিছত ৰাহুল তেৱতীয়াই ৪টা বলত ২ ৰান কৰে আৰু এই ছিজনৰ আটাইতকৈ দামী খেলুৱৈ ক্ৰিছ মৰিছেও ৪টা বলত ২ ৰানহে কৰিবলৈ সক্ষম হয়। যদিহে ৰিয়ান অন্তিম সময়লৈ থাকিলহেঁতেন তেন্তে ৰাজস্থান ৰয়েলছ হয়তো বিজয়ী হ’লহেঁতেন।
Published by: Sanjay Kumar Das
First published: April 13, 2021, 6:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি