IPLত ডাঙৰ অভিলেখ ভংগ ধোনীৰ 'কণমানি’ অনুৰাগী ৰিয়ানৰ

ছয় মাৰি দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতক সম্পূৰ্ণ ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ। শীঘ্ৰেই সোমাব পাৰে ভাৰতীয় ক্ৰিকেট দলত।


Updated:May 5, 2019, 8:18 AM IST
IPLত ডাঙৰ অভিলেখ ভংগ ধোনীৰ 'কণমানি’ অনুৰাগী ৰিয়ানৰ
ছয় মাৰি দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতক সম্পূৰ্ণ ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ। শীঘ্ৰেই সোমাব পাৰে ভাৰতীয় ক্ৰিকেট দলত।

Updated: May 5, 2019, 8:18 AM IST
যি সময়ত এফালে দিল্লী কেপিটেলছৰ বলাৰৰ সন্মুখত ৰাজস্থান ৰয়েলছৰ বেটছমেনসকলে এজন এজনকৈ আত্মসমৰ্পণ কৰি আছিল, সেইসময়ত স্থিৰ হৈ খেলি থকা ১৭বছৰীয়া ৰিয়ান পৰাগে নিজৰ শক্তিশালী প্ৰদৰ্শনেৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। ৪৮টা বলত ৫০ৰাণ সংগ্ৰহ কৰি ৰিয়ানে আইপিএলত নিজৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। ট্ৰেণ্ট ব’ল্টৰ বলত ছয় মাৰি ৰিয়ানে নিজৰ অৰ্ধশতক পূৰণ কৰে। অৰ্ধশতক অৰ্জন কৰি তেওঁ আইপিএলৰ এক ডাঙৰ ৰেকৰ্ড নিজৰ নামৰ সৈতে সন্নিবিষ্ট কৰিবলৈ সক্ষম হয়।



কিয় বিশেষ ৰিয়ান পৰাগৰ এই প্ৰদৰ্শন?ছয় নম্বৰত বেটিং কৰিবলৈ অহা ৰিয়ান পৰাগ আইপিএলত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ। ৰিয়ানে ১৭বছৰ ১৭৫দিন বয়সত অৰ্ধশতক অৰ্জন কৰিছে। তেওঁ সঞ্জু চেমছনৰ ৰেকৰ্ড ভংগ কৰিছে। ২০১৩চনত সঞ্জু চেমছনে ১৮বছৰ ১৬৯দিন বয়সত অৰ্ধশতক অৰ্জন কৰিছিল। ৰিয়ানে এই চিজনত বেটিং, বলিং আৰু ফিল্ডিং তিনিওটা দিশত চমকপ্ৰদ প্ৰদৰ্শন কৰি সকলোকে চমক দিছে। হৰ্ষ ভোগলেৰ দৰে ডাঙৰ ক্ৰিকেট বিশেষজ্ঞই তেওঁক দেশৰ উদীয়মান তাৰকা আখ্যা দিছে। ফিল্ডত ৰিয়ানে দেখুওৱা পৰিপক্কতালৈ চাই তেওঁ যে শীঘ্ৰেই টীম ইণ্ডিয়াত সোমাব তাত সন্দেহ নোহোৱা হৈ পৰিছে।
 ধোনীৰ সৈতে ৰিয়ানৰ সংযোগ



ৰিয়ান পৰাগ চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ডাঙৰ অনুৰাগী। ৰিয়ানে আইপিএলত চেন্নাইৰ বিৰুদ্ধেই প্ৰথম ফিল্ডত নামিছিল আৰু ধোনীৰ হাততে কেচ তুলি দি আউট হৈছিল ৰিয়ান। তাৎপৰ্যপূৰ্ণ কথা যে ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাসকো ধোনীয়ে ৰঞ্জী ট্ৰফীত ষ্টাম্প আউট কৰিছিল। ধোনীক প্ৰথম লগ পোৱাৰ সময়ত ৰিয়ানৰ বয়স আছিল মাত্ৰ তিনি বছৰ। ধোনী আৰু ৰিয়ানৰ ফটো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছিল।


 ধোনীৰ পৰা টিপছ লৈ ৰিয়ানৰ উন্নত প্ৰদৰ্শন

আইপিএলত ৰিয়ানে যেতিয়া চেন্নাইৰ বিৰুদ্ধে প্ৰথমখ খেল খেলিছিল তেতিয়া তেওঁ নিজৰ নায়ক ধোনীক লগ কৰাৰ সু়যোগ লাভ কৰিছিল। এই সাক্ষাতৰ সময়তে ধোনীয়ে ৰিয়ানক পৰামৰ্শ দিছিল উন্নত প্ৰদৰ্শনৰ। ৰিয়ানে নিজেই এই কথা প্ৰকাশ কৰিছিল।

মই মেচৰ পিছত ধোনীৰ সৈতে কথা পাতিছিলো, তেওঁ মোক কেনেকৈ ভাল খেলিব পাৰি তাৰ পৰামৰ্শ দিছিল। কেনেকৈ বেটিং আৰু বলিং ভাল কৰিব পাৰি, তেওঁ শিকাইছিল। মই এই কথাবোৰত গুৰুত্ব দিলো, এইমতে অনুশীলন কৰি বলৱৎ কৰাৰ চেষ্টা কৰিম।



সঁচাকৈ ধোনীৰ পৰা টিপছ লাভ কৰাৰ পিছত ৰিয়ানৰ খেল বেলেগ পৰ্যায়লৈ গুচি গ’ল! ৰিয়ানে কেকেআৰৰ বিৰুদ্ধে ৪৭ৰাণ আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪৩ৰাণৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে।

বাওঁফালে কণমানি ৰিয়ান ধোনীৰ সৈতে আৰু সোঁফালে আইপিএলৰ খেলৰ পিচত ধোনীৰ সৈতে।


আৰু চাওক পৰৱৰ্তী বাতৰি