পিতৃক শেষবাৰলৈ ভালকৈ চাবলৈ নাপালে কন্যা ৰিদ্ধিমাই, আলিয়া ভাটে কৰালে অন্তিম দৰ্শন

News18 Assam | News18-Assam
Updated:May 1, 2020, 11:24 AM IST
পিতৃক শেষবাৰলৈ ভালকৈ চাবলৈ নাপালে কন্যা ৰিদ্ধিমাই, আলিয়া ভাটে কৰালে অন্তিম দৰ্শন
ৰিদ্ধিমা কাপুৰে পিতৃ ঋষি কাপুৰৰ মৃত্যুৰ পিছত প্ৰাইভেট জেটেৰে মুম্বাইলৈ যোৱাৰ অনুমতি বিচাৰিছিল। কিন্তু অন্তিম সময়ত ডিজিচিএ সেই অনুমতি নিদিলে আৰু তেওঁ সময়ত মুম্বাইলৈ গৈ পিতৃৰ অন্তিম সৎকাৰত অংশ ল’ব নোৱাৰিলে। 

ৰিদ্ধিমা কাপুৰে পিতৃ ঋষি কাপুৰৰ মৃত্যুৰ পিছত প্ৰাইভেট জেটেৰে মুম্বাইলৈ যোৱাৰ অনুমতি বিচাৰিছিল। কিন্তু অন্তিম সময়ত ডিজিচিএ সেই অনুমতি নিদিলে আৰু তেওঁ সময়ত মুম্বাইলৈ গৈ পিতৃৰ অন্তিম সৎকাৰত অংশ ল’ব নোৱাৰিলে। 

  • Share this:
বলিউডৰ দিগ্গজ অভিনেতা ঋষি কাপুৰৰ বৃহস্পতিবাৰে পুৱা প্ৰায় ৮.৪২ মিনিটত মৃত্যু হয়। ঋষি কাপুৰৰ অন্তিম সৎকাৰ সম্পন্ন হয় মুম্বাইৰ মেৰিন লাইন স্থিত চন্দনবাড়ী শ্মশান ঘাটত। পুত্ৰ ৰণবীৰ কাপুৰ, পত্নী নিতু কাপুৰ, আলিয়া ভাট, কৰীনা কাপুৰ খান, স্বামী ছেইফ আলী খান সহ কমেও ২০জন লোকৰ উপস্থিতিত ঋষি কাপুৰৰ সৎকাৰ সম্পন্ন হয়। এই সৎকাৰ কাৰ্যসূচীত জীয়ৰি ৰিদ্ধিমা কাপুৰ চাহনী উপস্থিত হোৱাৰ কথা আছিল যদিও ঘটনাবশতঃ তেওঁ পিতৃৰ শেষ দৰ্শন কৰাৰ পৰা বঞ্চিত হয়।

ৰিদ্ধিমা কাপুৰ চাহনীয়ে নিজৰ পিতৃ ঋষি কাপুৰক অন্তিম বাৰ ভালকৈ চাবলৈ নাপালে। ভিডিও কলতে পিতৃক বিদায় জনালে ৰিদ্ধিমাই। ছচিয়েল মিডিয়াত ঋষি কাপুৰৰ অন্তিম সৎকাৰৰ কিছু ছবি ভাইৰেল হৈছে আৰু তাৰ এখনত দেখা গৈছে আলিয়া ভাটক হাতত ফোন লৈ থকা অৱস্থাত। আলিয়া ভাটে ফেচচাটৰ জৰিয়তে ৰিদ্ধিমাক নিজৰ পিতৃৰ শেষ দৰ্শন কৰাই আছিল। দৰাচলতে ল’কডাউনৰ কাৰণে ঋষি কাপুৰৰ কন্যা ৰিদ্ধিমা দিল্লীৰ পৰা মুম্বাইলৈ সময়ত আহিব নোৱাৰিলে। সেইকাৰণে ফোনতে তেওঁ পিতৃক বিদায় জনালে। 

পিতৃৰ শেষকৃত্যত অংশ ল’বলৈ ৰিদ্ধিমাই মুম্বাইৰ এয়াৰপ’ৰ্ট অথ’ৰিটীৰ পৰা বিশেষ অনুমতি বিচাৰিছিল, ইয়াৰ আগতে দিল্লীৰ পৰা মুম্বাইলৈ পথেৰে যাবলৈ অনুমতি পাইছিল ৰিদ্ধিমাই। কিন্তু পথেৰে গ’লে প্ৰায় ১২ৰ পৰা ১৪ঘণ্টা সময় লাগিলহেতেন। ইমান সময় ঋষি কাপুৰৰ নশ্বৰ দেহ ৰাখিব পৰা নগ’ল। প্ৰাইভেট জেটেৰে মুম্বাইলৈ যাবলৈ অনুমতি বিচাৰিছিল ঋষি কাপুৰ কন্যাই। কিন্তু অন্তিম সময়ত ডিজিচিএ ইয়াৰ অনুমতি নিদিয়ে। পৰিয়ালে এই কথা গম পোৱাৰ পিছতে ঋষি কাপুৰৰ অন্তিম সৎকাৰ সোনকালেই সম্পন্ন কৰে আৰু হাস্পতালৰ পৰা পোনে পোনে শ্মশান ঘাটলৈ ঋষি কাপুৰৰ মৃতদেহ লৈ যোৱা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading