• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Lords Test: ক্ৰিকেটৰ মক্কা লৰ্ডছত প্ৰথম দিনা শক্তিশালী আৰম্ভণি ভাৰতৰ ! অপেনাৰ কে এল ৰাহুলৰ অপৰাজিত শতক...

Lords Test: ক্ৰিকেটৰ মক্কা লৰ্ডছত প্ৰথম দিনা শক্তিশালী আৰম্ভণি ভাৰতৰ ! অপেনাৰ কে এল ৰাহুলৰ অপৰাজিত শতক...

India vs England 2nd Test: KL Rahul Century (AP)

India vs England 2nd Test: KL Rahul Century (AP)

India vs England 2nd Test: লৰ্ডছত (Lords Test) টেষ্টৰ আৰম্ভণিৰ দিনা ভাৰতে ৩ উইকেটত ২৭৬ ৰাণ কৰিছে। ভাৰতীয় দলটোক (Team India) এই শক্তিশালী স্থিতিলৈ লৈ যোৱাৰ কৃতিত্ব অপেনাৰ কে এল ৰাহুল (KL Rahul)ৰ, যিয়ে অপৰাজিত ১২৭ ৰাণ সংগ্ৰহ কৰিছে।

  • Share this:

কে এল ৰাহুলে তেওঁৰ টেষ্ট কেৰিয়াৰৰ ষষ্ঠ শতক অৰ্জন কৰিছে। সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰাৰ ক্ষেত্ৰত তেওঁ ভাৰতীয় বেটছমেনসকলৰ ভিতৰত ২৪ তম স্থানত আছে। এম এছ ধোনী আৰু মনচুৰ আলী খান পাটৌডিয়েও ৬-৬ টা শতক অৰ্জন কৰিছে। কে এল ৰাহুলে ৰোহিত শৰ্মাৰ সৈতে 126 ৰাণৰ অপেনিং পাৰ্টনাৰশ্বীপ কৰে, তাৰ পিছত বিৰাট কোহলীৰ সৈতে তৃতীয় উইকেটত ১১৭ ৰাণ যোগ দিয়ে। লৰ্ডছত একেখন খেলত এজন ভাৰতীয় খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে দুটা শতকীয় যুটী ভাগ বতৰা কৰিছে।
বিদেশত অপেনাৰ হিচাপে কে এল ৰাহুলৰ এইটো চতুৰ্থ শতক। মাত্ৰ এজন ভাৰতীয় অপেনাৰ সুনীল গাভাস্কাৰে (১৫) এছিয়াৰ বাহিৰত অধিক শতক অৰ্জন কৰিছে। ৰোহিত শৰ্মাই কে এল ৰাহুলৰ চাৰিটা শতকৰ সৈতে সমান হৈ আছে। কে এল ৰাহুল লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত শতক অৰ্জন কৰা দশম ভাৰতীয়।
Published by:Kokil Sarma
First published: