এইটো ফৰ্মূলাৰে অধিক ধনী হৈছে ভাৰতীয় ধনাঢ্য!

বিশ্বৰ অন্য প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ যিসকল ধনাঢ্য ব্যক্তি আছে, তেওঁলোক কেৱল নিজৰ ব্যৱসায়ৰ জৰিয়তে ধনী হোৱা নাই! প্ৰতিদিনেই তেওঁলোকে উদ্ভাৱন কৰিছে অধিক ধন ঘটাৰ নতুন নতুন ফৰ্মূলা। অধিক ধন ঘটাৰ বাবে তেওঁলোকে নিজৰ ধন বিনিয়োগ কৰিছে বিভিন্ন ঠাইত।

news18assam
Updated:May 10, 2019, 2:55 PM IST
এইটো ফৰ্মূলাৰে অধিক ধনী হৈছে ভাৰতীয় ধনাঢ্য!
বিশ্বৰ অন্য প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ যিসকল ধনাঢ্য ব্যক্তি আছে, তেওঁলোক কেৱল নিজৰ ব্যৱসায়ৰ জৰিয়তে ধনী হোৱা নাই! প্ৰতিদিনেই তেওঁলোকে উদ্ভাৱন কৰিছে অধিক ধন ঘটাৰ নতুন নতুন ফৰ্মূলা। অধিক ধন ঘটাৰ বাবে তেওঁলোকে নিজৰ ধন বিনিয়োগ কৰিছে বিভিন্ন ঠাইত।
news18assam
Updated: May 10, 2019, 2:55 PM IST
ধনী হোৱাৰ নতুন ফৰ্মূলা
বিশ্বৰ অন্য প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ যিসকল ধনাঢ্য ব্যক্তি আছে, তেওঁলোক কেৱল নিজৰ ব্যৱসায়ৰ জৰিয়তে ধনী হোৱা নাই! প্ৰতিদিনেই তেওঁলোকে উদ্ভাৱন কৰিছে অধিক ধন ঘটাৰ নতুন নতুন ফৰ্মূলা। অধিক ধন ঘটাৰ বাবে তেওঁলোকে নিজৰ ধন বিনিয়োগ কৰিছে বিভিন্ন ঠাইত। এটা ৰাষ্ট্ৰীয় সমীক্ষাত প্ৰকাশ পাইছে ধনী হ’বলৈ ধনাঢ্যসকলে লোৱা এক নতুন কৌশলৰ কথা। ভাৰতৰ ধনাঢ্যসকলে আল্ট্ৰা হাই নেটৱৰ্থ ইণ্ডিভিজুৱেলছ্‍ৰ আশাত শ্বেয়াৰ বজাৰতকৈ এতিয়া সোণত অধিক ধন বিনিয়োগ কৰিছে ভাৰতীয় ধনাঢ্যই। তথ্য অনুসৰি ভাৰতৰ প্ৰায় ১৪ শতাংশ ধনাঢ্যই এতিয়া সোণত অধিক ধন বিনিয়োগৰ কথা চিন্তা–চৰ্চা কৰিছে । সেইদৰে এছিয়া মহাদেশত ২৫ শতাংশ ধনাঢ্য এতিয়া আগ্ৰহী সোণত নিজৰ ধন বিনিয়োগ কৰিবলৈ। 'নাইট ফ্ৰেংক'ৰ দ্বাৰা চলোৱা সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি চলিত বৰ্ষত ১৪ শতাংশ ধনাঢ্যই এতিয়া সোণত বিনিয়োগ কৰিছে ধন। যি বিগত বৰ্ষৰ তুলনাত ৩ শতাংশ অধিক। বিশেষজ্ঞসকলৰ মতে অতীজৰে পৰা আছে ভাৰতীয়সকলৰ সোণৰ প্ৰতি দুৰ্বলতা যাক এতিয়া অধিক সময়ৰ বাবে নিজৰ ধন বিনিয়োগৰ আহিলা হিচাপে লৈছে ভাৰতীয় ধনাঢ্যই।
আৰু চাওক পৰৱৰ্তী বাতৰি