• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ভাত খালে সঁচাকৈ শকত হয় নেকি? জানি লওক ইয়াকলৈ মানুহৰ মাজত থকা ভুল ধাৰণাসমূহ...

ভাত খালে সঁচাকৈ শকত হয় নেকি? জানি লওক ইয়াকলৈ মানুহৰ মাজত থকা ভুল ধাৰণাসমূহ...

বহুলোকে ভাবে যে, ৰাতি ভাত খাব নালাগে। আনকি ভাত খালে অধিক শকত হ'ব পাৰে।  জানি লওক ইয়াৰ অন্তৰালত থকা সঁচাকথাখিনি।

বহুলোকে ভাবে যে, ৰাতি ভাত খাব নালাগে। আনকি ভাত খালে অধিক শকত হ'ব পাৰে।  জানি লওক ইয়াৰ অন্তৰালত থকা সঁচাকথাখিনি।

বহুলোকে ভাবে যে, ৰাতি ভাত খাব নালাগে। আনকি ভাত খালে অধিক শকত হ'ব পাৰে।  জানি লওক ইয়াৰ অন্তৰালত থকা সঁচাকথাখিনি।

  • Share this:
আমি সকলোৱেই ভাত খাও। ভাতৰ অবিহনে যেন গত্যন্তৰ নাই অসমীয়া মানুহৰ। দিনটো যিমানেই যি নাখাওক কিয়, ভাতকেইটা হ'লেহে গহীন গহীন লাগে। আৰু পিছত কিছুপৰিমাণে ওজন বাঢ়িলে সকলোৱে ভাতকেইটাকে জগৰীয়া কৰে। পিছে ভাত খালে মানুহ সঁচাকৈ শকত হয় জানো?

আপুনি সঁচাকৈয়ে ভাবেনে যে, ভাত খালে আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে বা চৰ্বি বাঢ়ে?

বহুলোকে ভাবে যে, ৰাতি ভাত খাব নালাগে। আনকি ভাত খালে অধিক শকত হ'ব পাৰে।  জানি লওক ইয়াৰ অন্তৰালত থকা সঁচা কথাখিনি।

- নিশা ভাত খালে ওজন বঢ়াৰ চিন্তাঃ

চাউল আটাইতকৈ সোনকালে হজম হয়। ডিনাৰত যদি আপুনি খিচিড়ী বা দালি-ভাত খাইছে তেন্তে ইয়াৰ পৰা আপোনাৰ শৰীৰে লাভ কৰিছে অমিনো এচিড। অৱশ্যে, এনে খাদ্যত যথেষ্ট পৰিমাণৰ প্ৰ'টিন আৰু ভাল চৰ্বি থাকে, যি ওজন হ্ৰাসৰ বাবে উপকাৰী। এনে পৰিস্থিতিত, যদি আপুনি ৰাতিৰ আহাৰত এনে ধৰণৰ খাদ্য খাই আছে, তেন্তে মনত ৰাখিব যে, ভাত খোৱা আৰু শোৱাৰ মাজত কমেও দুঘণ্টাৰ যেন ব্যৱধান থাকে। কিন্তু নিশা সদায় ভাত কমকৈ খাব লাগে।

ভাতত থাকে নেকি Gluten-

বহুতে ভাবে যে, ভাতত Gluten থাকে। পিছে প্ৰকৃততে সেয়া সঁচা নহয়। চাউল সদায় Gluten ফ্ৰী।

বগা চাউলতকৈ ব্ৰাউন ৰাইচ অধিক উপযোগীঃ

এয়া এক প্ৰকাৰৰ মিছা কথা। সকলোৱে ভাবে যে ব্ৰাউন ৰাইচ ওজন হ্ৰাসৰ বাবে উপকাৰী। অৱশ্যে এনেকুৱা নহয়। যদি আপুনি ওজন হ্ৰাস কৰাৰ কথা ভাবি আছে তেনেহ'লে ব্ৰাউন চাউল আপোনাৰ বাবে উপকাৰী নহয়। কিয়নো ইয়াত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যাৰ ফলত জিংকৰ পৰিমাণ কঠিন হ'ব পাৰে। ৰোগ প্ৰতিৰোধ প্ৰণালীটো সঠিকভাৱে কাম কৰিবলৈ আমাক জিংকৰ প্ৰয়োজন।

কেনেধৰণৰ চাউল খাব লাগেঃ

নিউট্ৰিচিয়ানৰ মতে, চিংগল পলিচ একপ্ৰকাৰৰ শকত চাউল। ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। যদি আপুনি এই ধৰণৰ ভাত খায় তেন্তে আপুনি চিন্তা কৰিব নালাগে।

ভাত খালে শকত হয় নেকি?

বহুলোকে ভাত খাই ইমানেই ভাল পাই যে, প্ৰতিসাঁজতে ভাত খায়েই। এনে পৰিস্থিতিত নিজৰ খোৱাৰ পেটাৰ্ণটোৰ ওপৰত মনোযোগ দিয়া উচিত। যদি নিজৰ স্বাস্থ্য ভালে ৰখাৰ লগতে ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেন্তে খোৱাৰ এটা পেটাৰ্ণ থকা দৰকাৰ।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি