মুম্বাইঃ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত এতিয়া ড্ৰাগছ মাফিয়াৰ এংগল জৰিত হৈ পৰিছে। নাৰক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ সঞ্চালক ৰাকেশ আস্থানাই জনাইছে যে এনে প্ৰমাণ পোৱা গৈছে যে য’ত পোৱা গৈছে যে ৰিয়া চক্ৰৱৰ্তী আৰু সুশান্তক ড্ৰাগছ চাপ্লাই কৰা হৈছিল। এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে সুশান্তৰ পিতৃ কে কে সিঙে সুশান্তৰ মৃত্যুৰ কাৰণে ৰিয়াক জগৰীয়া কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে। শেহতীয়াকৈ সুশান্তৰ পিতৃ কে কে সিঙে ৰিয়াক সুশান্তৰ মৃত্যুৰ কাৰণে জগৰীয়া কৰি তেওঁক হত্যাকাৰী আখ্যা দিছে।
সুশান্তৰ পিতৃ কে কে সিঙে ভিডিও মেচেজ জাৰি কৰি ৰিয়াৰ ওপৰত এই গুৰুতৰ অভিযোগ আনিছে। সুশান্তৰ পিতৃ কে কে সিঙৰ মতে, ৰিয়াই দীঘলীয়া সময় ধৰি ৰিয়াক বিহ পান কৰোৱাই আছিল আৰু ৰিয়াই সুশান্তক হত্যা কৰিছে। তেওঁ কয় যে তদন্তকাৰী সংস্থাসমূহে ৰিয়া আৰু সহযোগীসকলৰ শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰাব লাগে।
চিবিআই–এ আজি সপ্তম দিনাও এই ঘটনাৰ তদন্ত কৰিছে। চিবিআইয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগতে তেওঁৰ ফ্লেটত থকা তেওঁৰ বন্ধু সিদ্ধাৰ্থ পিথানী, পূৰ্ব একাউণ্টটেণ্ট ৰজত মেৱাতি আৰু নীৰজক আকৌ এবাৰ সোধা–পোচাৰ কাৰণে ডিআৰডিঅ’ৰ গেষ্ট হাউচলৈ মাতি পঠিয়াইছে। তাতে ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীক প্ৰথম বাৰ চিবিআইৰ গেষ্ট হাউচলৈ মাতি পঠিওৱা হৈছে।
উল্লেখ্য যে, বুধবাৰে সুশান্তৰ পিতৃৰ অধিবক্তা বিকাশ সিঙে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ দ্বাৰা সুশান্তক নিষিদ্ধঘোষিত ড্ৰাগছ দিয়াৰ আশংকা প্ৰকাশ কৰিছিল। জ্যেষ্ঠ অধিবক্তাজনে কৈছিল যে, 'এনে লাগিছে যেন ৰিয়াই সুশান্তক নজনোৱাকৈ নিষিদ্ধ ড্ৰাগছ প্ৰদান কৰিছিল যাতে তেওঁৰ মগজু নিয়ন্ত্ৰণ কৰি যি মন যায় কৰিব পাৰে।’
FIRST PUBLISHED : August 27, 2020, 12:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|