உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • RBIএ বাতিল কৰিলে এটা বেংকৰ অনুজ্ঞাপত্ৰ ! বেংকত থকা আপোনাৰ জমা ধনৰ কি হ'ব?

    RBIএ বাতিল কৰিলে এটা বেংকৰ অনুজ্ঞাপত্ৰ ! বেংকত থকা আপোনাৰ জমা ধনৰ কি হ'ব?

    ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) শেহতীয়াভাৱে মহাৰাষ্ট্ৰৰ শিৱাজী ৰাও ভোচালে সমবায় বেংকৰ (Shivaji Rao Bhosale Co-operative Bank)অনুজ্ঞাপত্ৰ বাতিল কৰিছে। বিশেষকৈ এই সমবায় বেংকটোৰ দুৰ্বল বিত্তীয় অৱস্থা আৰু পৰ্যাপ্ত মূলধনৰ অভাৱৰ বাবেই বাতিল কৰা হৈছে অনুজ্ঞাপত্ৰ।

    • Share this:
    ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)বাতিল কৰিছে মহাৰাষ্ট্ৰৰ পুনেত থকা শিৱাজী ৰাও ভোচালে সমবায় বেংকৰ (Shivaji Rao Bhosale Co-operative Bank) বেংকিং অনুজ্ঞাপত্ৰ। কাৰ্যত, ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে শিৱাজী ৰাও ভোচালে সমবায় বেংকৰ দুৰ্বল বিত্তীয় অৱস্থা (Financial Condition), বেংকিং কাম-কাজৰ বাবে পৰ্যাপ্ত মূলধনৰ অভাৱ আৰু উপাৰ্জনৰ কোনো আশা নথকাৰ বাবেই বেংকিং অনুজ্ঞাপত্ৰ (Banking License)বাতিল কৰা হৈছে।

    ৯৮ শতাংশ গ্ৰাহকে সম্পূৰ্ণ জমাধন ঘূৰাই পাব

    শিৱাজী ৰাও ভোচালে সমবায় বেংকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ লগে লগে বেংকে ৩১ মে' ২০২১ৰ পৰা কোনো বেংকিং ব্যৱসায় কৰিব নোৱাৰিব। ৰিজাৰ্ভ বেংকে মহাৰাষ্ট্ৰৰ সমবায় সমিতিৰ পঞ্জীয়কক শিৱাজী ৰাও ভোচালে সমবায় বেংক লিমিটেড বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিবলৈ কৈছিল। ৰিজাৰ্ভ বেংকে উল্লেখ কৰে যে এই বেংকটো চলাই ৰখাটো ইয়াৰ জমাকৰ্তাৰ স্বাৰ্থৰ সৈতে ল'ৰা-ধেমালি কৰাৰ দৰে হ'ব। ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছিল যে এই বেংকত ধন জমা থোৱা সকলৰ ৯৮ শতাংশতকৈও অধিক লোকেই তেওঁলোকৰ সম্পূৰ্ণ ধন জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি নিগমৰ (DICGC) অধীনত ঘূৰাই পাব।

    ডি.আই.চি.জি.চি (DICGC)ৰ অধীনত, বেংকত জমাকৰ্তাসকলে ৫ লাখ টকালৈকে জমাৰ বাবে বীমা প্ৰাপ্ত কৰে। সৰল ভাষাত বেংক লোকচানৰ সন্মুখীন হ'লে বা বন্ধ হ'লে তেওঁলোকে ৫ লাখ টকালৈকে জমা পাব। উল্লেখযোগ্য যে এই সমবায় বেংকৰ কাম-কাজ ৪ মে' ২০১৯ ৰ পৰা নিষিদ্ধ কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৯ৰ ধাৰা 35A ৰ অধীনত শিৱাজী ৰাও ভোচালে সমবায় বেঙ্কৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। এই নিষেধাজ্ঞাৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকে ধন উলিওৱা, জমা কৰা, ঋণ প্ৰদান নিষিদ্ধ কৰিছিল। অৱশ্যে, বেংকৰ গ্ৰাহকসকলে ১ হাজাৰ টকালৈকে উলিয়াব পাৰে। ৰিজাৰ্ভ বেংকে ইতিমধ্যে মহাৰাষ্ট্ৰৰ কেইবাটাও সমবায় বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।
    Published by:Kokil Sarma
    First published: