গাড়ীত FASTag নলগোৱাসকললৈ কিছু সকাহ, চৰকাৰে বৃদ্ধি কৰিলে অন্তিম সময়সীমা

News18 Assam | News18-Assam
Updated:November 30, 2019, 1:01 PM IST
গাড়ীত FASTag নলগোৱাসকললৈ কিছু সকাহ, চৰকাৰে বৃদ্ধি কৰিলে অন্তিম সময়সীমা
Source-Google

অসমত বৰ্তমান ট’লগেট নাথাকিলেও মেঘালয়লৈ সঘনে নিজৰ গাড়ীৰে আহ যাহ কৰাসকলৰ বাবে এই ব্যৱস্থা অনিবাৰ্য।

  • Share this:
যান-বাহন থকা সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে FASTag লগোৱাৰ সময়সীমা। ইয়াৰ পূৰ্বে ১ ডিচেম্বৰৰ পৰা সকলো যান-বাহনৰ কাৰণে FASTag বাধ্যতামূলক কৰা হৈছিল। কিন্তু শেহতীয়াভাৱে চৰকাৰে ইয়াৰ সময়সীমা বৃদ্ধি কৰি ১৫ ডিচেম্বৰ কৰিছে।

উল্লেখ্য যে কেন্দ্রীয় পৰিবহন মন্ত্রী নীতিন গাডকাৰিয়ে যোৱা মাহত এক ঘোষণাৰ জৰিয়তে কৈছিল যে FASTag নথকা যান-বাহন সমূহৰ পৰা দুগুন হাৰত টোল সংগ্ৰহ কৰা হ’ব।

এই পাইলট প্রকল্পটো ২০১৪ চনত আৰম্ভ হৈছিল য’ত Radio Frequency Identification Technology (RFID) প্রযুক্তিৰ সহায়ত বৈদ্যুতিকভাৱে টোল সংগ্রহ কৰা হ’ব। নাথাকিব টোল গেটত শাৰী পাতি থকা সমস্যা।

টোল সংগ্রহৰ বাবে FASTag টিক গাড়ীৰ উইণ্ড’স্ক্ৰিণত সংযুক্ত কৰিব লাগিব। RFID-চালিত প্রযুক্তি যিখন টোল প্লাজাত উপলব্ধ, সেইপিনে স্বয়ংকৃতভাৱে টোল সংগ্ৰহ কৰা হ’ব।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি ১৫ ডিচেম্বৰলৈ FasTag সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব।

দেশৰ প্ৰায় ৫৩৭ টা টোল গেটত ইতিমধ্যে বৈদ্যুতিক টোলিঙৰ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে।

জানিব পৰা মতে ২৭ নৱেম্বৰ অৰ্থাৎ বুধবাৰলৈকে দেশত প্ৰায় ৭০ লাখ FasTag ইচ্ছ্যু হৈছে। ২৬ নৱেম্বৰত সৰ্বাধিক ১,৩৫,৫৮৩ টেগছ ইচ্ছ্যু হৈছিল আৰু তাৰ পূৰ্বৰ দিনটোত ইচ্ছ্যু হৈছিল ১.০৩ লাখ।

ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে এই ‘FASTag’ প্ৰ’গ্ৰেম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। অহা ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব ‘Fastag’ প্ৰ’গ্ৰেম। এই নতুন প্ৰ’গ্ৰেম অনুসৰি যদি গাড়ীত ‘FASTag’ নাথাকে তেন্তে ৰাষ্ট্ৰীয় ঘাইপথৰ ট’লগেটত নিৰ্ধাৰিত মাছুলৰ দুগুণ ভৰিব লাগিব গাড়ীৰ মালিকে।

ডিচেম্বৰৰ ১ তাৰিখৰ পৰা সমগ্ৰ দেশৰ ট’লগেট থকা ৰাষ্ট্ৰীয় ঘাইপথ সমূহক "FASTag lanes" হিচাপে গণ্য কৰা হ’ব। সেইদৰে ট’লগেটত দিবলগীয়া মাছূল দিব লাগিব গাড়ীত লগাব লগিয়া ‘Fastag’ ডিভাইচৰ QR Code ৰ জৰিয়তে।

আপুনি ক’ৰ পৰা সংগ্ৰহ কৰিব FASTag?

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ মেনেজমেণ্ট কম্পানী লিমিটেড আৰু বহু কেইটা বেংকে দেশৰ সৰ্বমুঠ ২৮,৫০০ টা স্থানৰ পৰা Fastag ক্ৰয় কৰিব পৰা ব্যৱস্থা কৰিছে। তাৰ ভিতৰত আছে, NH Fee Plazas, RTOs, Common Service Centers, Transport Hubs, বেংকৰ শাখা, নিৰ্ধাৰিত পেট্ৰ’ল পাম্প। গ্ৰাহকে অনলাইন শ্বপিং চাইট Amazon ৰ পৰাও ক্ৰয় কৰিব পাৰিব FASTag ।

অসমত বৰ্তমান ট’ল গেট নাথাকিলেও কিয় গুৰুত্বপূৰ্ণ FasTag?

যদিও অসমত ট’লগেট নাই, তথাপিও মেঘালয়, বৰ্ণিহাটলৈ গ’লে আপোনাৰ গাড়ীখনত প্ৰয়োজন হ’ব Fastag কাৰ্ড। অন্যথা ভৰিব লাগিব জৰিমনা। অৰ্থাৎ গুৱাহাটীৰ পৰা মেঘালয়লৈ সঘনে আহ–যাহ কৰাসকলে এই ব্যৱস্থা সময়ত কৰি লোৱাটো প্ৰয়োজনীয়?
আৰু চাওক পৰৱৰ্তী বাতৰি