গ্ৰাহকসকলৰ বাবে ৰিলায়েঞ্চ জিঅ’ৰ আন এক ঘোষণা। যিসকল গ্ৰাহকে ৯ অক্টোবৰ বা তাৰ পূৰ্বে কোনো ৰিচাৰ্জ কৰিছে, তেওঁলোকে সেই ৰিচাৰ্জ প্লেন শেষ নোহোৱালৈকে আন নেটৱৰ্কৰ নম্বৰলৈও বিনামূলীয়াকৈ কল কৰিব পাৰিব। যেতিয়া সেই প্লেন শেষ হ’ব তেতিয়া গ্ৰাহকজনে নন জিঅ’ ইউজাৰ অৰ্থাৎ আন নেটৱৰ্কৰ নম্বৰলৈ কল কৰিবলৈ ভৰিব লাগিব প্ৰতি মিনিটত ৬ পইচাকৈ। টুইটাৰযোগে ৰিলায়েঞ্চ জিঅ’ই জনাইছে এই কথা।
উল্লেখযোগ্য যে ৯ অক্টোবৰত ৰিলায়েঞ্চ জিঅ’ই ঘোষণা কৰিছিল যে এতিয়া জিঅ’ৰ গ্ৰাহকে আন নেটৱৰ্কৰ নম্বৰলৈ কল কৰিলে ভৰিব লাগিব প্ৰতি নিমিটত ৬ পইচাকৈ ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ। অৱশ্যে জিঅ’ গ্ৰাহকসকলক আশ্বাস দিছে যে এই চাৰ্জ
তেতিয়ালৈকেহে লোৱা হ’ব, যেতিয়ালৈ IUCৰ চাৰ্জ নাইকীয়া হ’ব।
অৱশ্যে এই চাৰ্জৰ ফলত গ্ৰাহকৰ ওপৰত কোনো বিশেষ প্ৰভাৱ নপৰিব বুলি ধাৰণা কৰা হৈছে। কিয়নো ইয়াৰ বাবে ৰিলায়েঞ্চ জিঅ’ই যি টপআপ মুকলি কৰিছে, তাৰ মূল্যৰ হিচাপত গ্ৰাহকক দিয়া হ’ব ফ্ৰী ডাটা। IUC চাৰ্জৰ বাবে জিঅ’ মুকলি কৰিছে ১০, ২০, ৫০ আৰু ১০০ টকাৰ টপআপ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|