உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • আজিৰ পৰা দাম বাঢ়িল ৰিলায়েন্স Jioৰ প্ৰী-পেইড প্লেনৰ! জানক নতুন ৰিচার্জ ৰেট...

    আজিৰ পৰা দাম বাঢ়িল ৰিলায়েন্স Jioৰ প্ৰী-পেইড প্লেনৰ! জানক নতুন ৰিচার্জ ৰেট...

    ৰিলায়েন্স জিওই দেওবাৰে নতুন প্ৰীপেইড প্লেনছৰ সন্দৰ্ভত ঘোষণা কৰে।

    ৰিলায়েন্স জিওই দেওবাৰে নতুন প্ৰীপেইড প্লেনছৰ সন্দৰ্ভত ঘোষণা কৰে।

    ৰিলায়েন্স জিওই দেওবাৰে নতুন প্ৰীপেইড প্লেনছৰ সন্দৰ্ভত ঘোষণা কৰে।

    • Share this:
    ৰিলায়েন্স জিওই দেওবাৰে নতুন প্ৰীপেইড প্লেনছৰ সন্দৰ্ভত ঘোষণা কৰে। ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এইসমূহ নতুন প্লেন। Jioৰ ৰিচাৰ্জ প্লেন ৭০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। জিওৰ ৱেবচাইটত দিয়া তথ্য মতে, আটাইতকৈ বেছি ৭০০ টকা বাঢ়িছে ৩,৪৯৯ টকাৰ প্লেনত। এই প্লেন এতিয়াৰ পৰা ৪,১৯৯ টকাত উপলব্ধ হ'ব। উল্লেখ্য যে, এয়াৰটেল আৰু ফোডাফোন আইডিয়াইয়ো নিজৰ প্ৰীপেইড প্লেনত ২৫ শতাংশ বঢ়াইছে।

    জিওৰ ৭৫ টকাৰ প্লেন ৯১ টকীয়া হ'ল। এই প্লেনত এতিয়া ১৬ টকা বৃদ্ধি পালে। প্লেন ২৮ দিনীয়া আছিল যদিও এতিয়া ভেলিডিটী ২৩ দিনলৈ হ্ৰাস কৰিছে।

    ১৫০ টকালৈ বৃদ্ধি পালে এই প্লেনঃ জিওৰ ১২৫ টকীয়া প্লেন এতিয়া ১৫২লৈ বাঢ়িল। ১৫৫ টকাৰ প্লেন এতিয়া ১৮৬ টকা হৈছে। সেইদৰে জিওৰ ১৮৫ টকীয়া পুৰণি প্লেন এতিয়া ২২২ টকাত উপলব্ধ হ'ব।

    ভেল্যু কেটেগৰীত জিওৰ তিনিটা প্লেন আছে। ২৮ দিনীয়া ভেলিডিটীৰ ১২৯ টকীয়া প্লেন ১৫৫ টকাত উপলব্ধ হ'ব। সেইদৰে ৮৪ দিনীয়া ৩২৯ টকীয়া প্লেন এতিয়া ৩৯৫ টকাত উপলব্ধ হ'ব।
    Published by:Himangshu Bhuyan
    First published: