
ভাৰতৰ প্ৰথম ক্লাউড–বেছড ভিডিঅ’ কনফাৰেন্সিং এপ হৈছে JioMeet, যিটো বৰ্তমানলৈ ৫ মিলিয়নৰো অধিক গ্ৰাহকে ডাউনলোড কৰিছে। আম্বানীয়ে কয় – সংগঠিত খুচুৰা আৰু ডিজিটেল সেৱাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আমাৰ ডিজিটেল পৰিসেৱাৰ ব্যৱসায় বিগত বছৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে।
টেলিক'ম ৰেগুলেটৰী অথৰিটী অব ইণ্ডিয়াৰ তথ্য অনুসৰি ছেপ্তেম্বৰৰ শেষভাগলৈকে জিঅ'ই অক্ষুন্ন ৰাখিলে এই ধাৰাবাহিকতা
টেলিক'ম ৰেগুলেটৰী অথৰিটী অব ইণ্ডিয়াৰ তথ্য অনুসৰি ছেপ্তেম্বৰৰ শেষভাগলৈকে জিঅ'ই অক্ষুন্ন ৰাখিলে এই ধাৰাবাহিকতা। বিগত বৰ্ষৰ ৪২.০০ শতাংশৰ পৰা ৪২.০৩ শতাংশলৈ বৃদ্ধি পায় অসমত জিঅ'ৰ ৰাজহ সংগ্ৰহৰ হাৰ। একেদৰে ৰাজহ সংগ্ৰহৰ তালিকাত এয়াৰটেলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি ৩৫.০১ শতাংশক বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। বিপৰীতে আইডিয়া আৰু ভোডাফোনে হেৰুৱাইছে পূৰ্বৰ ৰাজহ সংগ্ৰহৰ হাৰ।কিন্তু বি এছ এন এলৰ পূৰ্বৰ ৪.৫ শতাংশ ৰাজহৰ হাৰ বৃদ্ধি হৈ ৬.১ শতাংশলৈ বৃদ্ধি হৈছে।
অসমৰ মুঠ গ্ৰাহকৰ ৯৫ শতাংশ লোককে জিঅ'ই 4G LIGHT নেটৱৰ্ক সেৱাৰ যোগেৰে সাঙুৰি ল'বলৈ সক্ষম হৈছে। ২১৭খন চহৰ আৰু ২৪,৪৩২ খন গাঁৱক সামৰি লৈছে এই নেটৱৰ্কে। নিকটতম প্ৰতিদ্বন্দী অতিৰিক্ত প্লেন চাইটৰ তুলনাত জিঅ’ৰ মাৰ্কেট শ্বেয়াৰ এই ক্ষেত্ৰত ২৬ শতাংশ অধিক। অনাগত দিনত ৯৯ শতাংশ লোকক সামৰি ল’ব JIoই। ইয়াৰ লগে লগে সকলো স্তৰৰ গ্ৰাহকৰ বাবে জিঅ'ৰ সেৱা সহজলভ্য কৰাৰ উদ্দেশ্যৰে ৰিলায়েঞ্চ জিঅ'ই জিলাভিত্তিক কেইবাখনো মিনি ষ্ট'ৰছ আৰু ডিজিটেল ষ্টোৰছ শেহতীয়াকৈ মুকলি কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|