ৰিলায়েঞ্চ জিঅ’ই অক্টোবৰত সৰ্বাধিক গ্ৰাহক লাভ কৰিছে। অক্টোবৰত ৰিলায়েঞ্চ জিঅ’ই ৯১ লাখ নতুন গ্ৰাহক লাভ কৰিছে। ইয়াৰ দ্বাৰা এয়া স্পষ্ট যে IUC চাৰ্জ বৃদ্ধিৰ জিঅ’ৰ প্ৰতি ভৰসা অব্যাহত আছে গ্ৰাহকৰ। কোম্পানীয়ে আন নেটৱৰ্কত কল কৰাৰ বাবে গ্ৰাহকৰ পৰা ৬ পইচা চাৰ্জ লোৱাৰ ঘোষণা কৰিছিল।
সংখ্যালৈ চালে প্ৰথম স্থানত থকা ৰিলায়েঞ্চ জিঅ’ৰ অক্টোবৰত গ্ৰাহকৰ সংখ্যা ৯১,০১,৯৩৪, ভাৰতীয় এয়াৰটেলৰ ৮১,৯৭৪, ভোডাফোন আইডিয়াৰ ১,৮৯,৯০১জন। ভোডাফোনৰ মাৰ্কেট শ্বেয়াৰ ৩১.৪৯ শতাংশ, ৰিলায়েঞ্চ জিঅ’ৰ মৰ্কেট শ্বেয়াৰ ৩০.৭৯ আৰু ভাৰতী এয়াৰটেলৰ মাৰ্কেট শ্বেয়াৰ ২৭.৫২ শতাংশ।
এক্টিভ ইউজাৰত এয়াৰটেলৰ শ্বেয়াৰ ৩১.৫ শতাংশ, ৰিলায়েঞ্চ জিঅ’ৰ ৩১ শতাংশ, ভোডাফোনৰ শ্বেয়াৰ ৩০.৮ শতাংশ। ভোডাফোন আইডিয়াৰ ১৮ মাহত ১২ কোটি এক্টিভ হ্ৰাস পাইছে। ব্ৰডবেণ্ডত কোম্পানীটোৰ আছে ৫৬.৬৯ শতাংশ মাৰ্কেট শ্বেয়াৰ।
১ অক্টোবৰত ৰিলায়েঞ্চ জিঅ’ই নিজৰ ফিচাৰ ফোন ৬৯৯ টকাত দিয়াৰ ঘোষণা কৰিছিল। কোৱা হৈছে যে ৫টা চাৰ্কলত ৰিলায়েঞ্চ জিঅ’ No.1 কোম্পানী হিচাপে পৰিগণিত হৈছে। অন্ধ্ৰ প্ৰদেশ, কলকাতা, মধ্য প্ৰদেশ, পঞ্জাব আৰু ৰাজস্থান চাৰ্কলত কোম্পানীটোৰ সৰ্বাধিক গ্ৰাহক আছে।
পেহী নিউ ইয়েৰ অফাৰ
ৰিলায়েঞ্চ জিঅ’ই নতুন বছৰত গ্ৰাহকৰ বাবে আগবঢ়াইছে ২০২০ হেপী নিউ ইয়েৰ অফাৰ। এই অফাৰৰ যোগেদি গ্ৰাহকে এবাৰ ৰিচাৰ্জ কৰি গোটেই বছৰটো আনলিমিটেড সেৱা লাভ কৰিব। ২০২০ টকাৰ ৰিচাৰ্জ কৰি এবছৰৰ বাবে এই সেৱাসমূহ লাভ কৰিব গ্ৰাহকে। এই অফাৰৰ ভেলিডিটী ৩৬৫ দিন অৰ্থাৎ এবছৰ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|