• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৬ ডিচেম্বৰৰ পৰা ৩৯ শতাংশ বৃদ্ধি পাব Jioৰ টেৰিফ, তাৰ মাজতো আপোনাৰ বাবে ভাল খবৰ!

৬ ডিচেম্বৰৰ পৰা ৩৯ শতাংশ বৃদ্ধি পাব Jioৰ টেৰিফ, তাৰ মাজতো আপোনাৰ বাবে ভাল খবৰ!

এই প্লেনত জিঅ’ৰ গ্ৰাহকে লাভ কৰিব ৩০০ শতাংশ অধিক লাভ। এক প্ৰেছ বিজ্ঞপ্তিযোগে জিঅ’ জনাইছে যে কোম্পানীয়ে বিশ্বত আটাইতকৈ কম দামত সৰ্বোত্তম মানসম্পন্ন সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি বাহাল ৰাখিব।

  • Share this:
৬ ডিচেম্বৰৰ পৰা ৰিলায়েঞ্চ জিঅ’ই বৃদ্ধি কৰিব দাম। All-in-One প্লেনৰ জৰিয়তে ৩৯ শতাংশ টেৰিফ বৃদ্ধি কৰিব জিঅ’ই। কিন্তু এই হাৰ আন টেলিকম কোম্পানীতকৈ এতিয়াও ১৫–২৫ শতাংশ কম।

এই প্লেনত জিঅ’ৰ গ্ৰাহকে লাভ কৰিব ৩০০ শতাংশ অধিক লাভ। এক প্ৰেছ বিজ্ঞপ্তিযোগে জিঅ’ জনাইছে যে কোম্পানীয়ে বিশ্বত আটাইতকৈ কম দামত সৰ্বোত্তম মানসম্পন্ন সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি বাহাল ৰাখিব। নতুন All-in-One প্লেন অনুসৰি গ্ৰাহকে দৈনিক ১.৫ GB ডাটা লাভ কৰিব।

কি লাভ হ’ব গ্ৰাহকৰ :
১. ১৯৯ টকাৰ প্লেন – এই প্লেনৰ ভেলিডিটী এমাহৰ বাবে থাকিব। ইয়াৰ জৰিয়তে গ্ৰাহকে আনলিমিটেড কলৰ সুবিধা পাব। জিঅ’ৰ পৰা আন নেটৱৰ্কত ১০০০ মিনিট কথা পাতিব পাৰিব গ্ৰাহকে। উল্লেখযোগ্য ১ মাহ মানে ইয়াত ২৮ দিনহে বুজায়।

২. ৩৯৯ টকাৰ প্লেন – এই প্লেনত আপুনি দৈনিক ১.৫ GB ডাটা লাভ কৰিব। ইয়াৰ ভেলিটিডী ২ মাহৰ হ’ব। ইয়াৰ জৰিয়তে জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কল আৰু আন নেটৱৰ্কলৈ ২০০০ মিনিট কলৰ সুবিধা দিয়া হ’ব।

৩. ৫৫৫ টকাৰ প্লেন – এই প্লেনৰ ভেলিটিডী ৩ মাহ। ইয়াৰ জৰিয়তে গ্ৰাহকে প্ৰতিদিন ১.৫GB ডাটা পাব। ইয়াৰ উপৰি জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলৰ লগতে আন নেটৱৰ্কলৈ ৩০০০ মিনিট কলিঙৰ সুবিধা পাব।

৪. ২,১৯৯ টকাৰ প্লেন – এই প্লেনৰ ভেলিডিটী ১২ মাহ। ইয়াত দৈনিক ১.৫GB লাভ কৰিব গ্ৰাহকে। ইয়াৰ লগতে জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলৰ সুবিধা পাব। আনহাতে, আন নেটৱৰ্কৰ সৈতে কথা পতাৰ বাবে পাব ১২,০০০ মিনিট।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি