ৰিলায়েঞ্চ ইণ্ড্ৰাষ্টিজ লিমিটেডে ডিজিটেল প্লেটফৰ্মৰ বাবে স্থাপন কৰিব ‘WHOLLY OWNED SUBSIDIARY’

প্ৰতিষ্ঠানটোত এক লাখ আঠ হাজাৰ কোটি টকা নতুনকৈ বিনিয়োগ কৰিব ৰিলায়েঞ্চে

News18-Assam
Updated:October 25, 2019, 10:22 PM IST
ৰিলায়েঞ্চ ইণ্ড্ৰাষ্টিজ লিমিটেডে ডিজিটেল প্লেটফৰ্মৰ বাবে স্থাপন কৰিব ‘WHOLLY OWNED SUBSIDIARY’
প্ৰতিষ্ঠানটোত এক লাখ আঠ হাজাৰ কোটি টকা নতুনকৈ বিনিয়োগ কৰিব ৰিলায়েঞ্চে
News18-Assam
Updated: October 25, 2019, 10:22 PM IST
ৰিলায়েঞ্চ ইণ্ড্ৰাষ্টিজে তেওঁলোকৰ ডিজিটেল প্লেটফৰ্ম আৰু ৰিলায়েঞ্চ জিঅ’ ইনফ’কম লিমিটেডক সংযোগ কৰি  ডিজিটেল ইক’চিষ্টেমৰ জৰিয়তে মাত্ৰ তিনি বছৰৰ ভিতৰতে ‘mobile data consumption’ ৰ ক্ষেত্ৰত ভাৰতবৰ্ষক ১৫৫ নম্বৰ স্থানৰ পৰা ১ নম্বৰ স্থানলৈ উন্নীত কৰিলে।

এইবাৰ ৰিলায়েঞ্চ ইণ্ড্ৰাষ্টিজে হাতত লৈছে অন্য এক পৰিকল্পনা। ৰিলায়েঞ্চে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে এখন নিজাববীয়া প্লেটফৰ্ম। সৰ্ববৃহৎ ডিজিটেল প্লেটফৰ্ম গঢ়াৰ যো জা ৰিলায়েঞ্চৰ। প্ৰতিষ্ঠানটোত এক লাখ আঠ হাজাৰ কোটি টকা নতুনকৈ বিনিয়োগ কৰিব ৰিলায়েঞ্চে। বৰ্তমান সময়ত ৰিলায়েঞ্চে ডিজিটেলৰ বাবে ব্যৱহাৰ কৰি আহিছিল ৬৫ হাজাৰ টকা। নতুনকৈ সংযোজন হ’বলগীয়া ধনৰাশিৰ সৈতে ডিজিটেল প্লেটফৰ্মত সৰ্বমুঠ ১ লাখ ৭৩ হাজাৰ কোটি টকাৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা ইণ্ডাষ্ট্ৰীজৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি