உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • কোৰোণা সংকটৰ সৈতে যুঁজিবলৈ PM CARES Fund–লৈ ৫০০কোটি টকা সাহাৰ্যৰ ঘোষণা RILৰ

    কোৰোণা সংকটৰ সৈতে যুঁজিবলৈ PM CARES Fund–লৈ ৫০০কোটি টকা সাহাৰ্যৰ ঘোষণা RILৰ

    প্ৰধানমন্ত্ৰীৰ পূঁজিলৈ সাহাৰ্য আগবঢ়োৱাৰ লগতে মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰক ৫কোটি টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে RIL-এ। 

    প্ৰধানমন্ত্ৰীৰ পূঁজিলৈ সাহাৰ্য আগবঢ়োৱাৰ লগতে মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰক ৫কোটি টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে RIL-এ। 

    প্ৰধানমন্ত্ৰীৰ পূঁজিলৈ সাহাৰ্য আগবঢ়োৱাৰ লগতে মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰক ৫কোটি টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে RIL-এ। 

    • Share this:
    মুম্বাইঃ কোৰোণাৰ সৈতে মোকাবিলা কৰিবলৈ PM CARES Fund লৈ ৫০০ কোটি টকা সাহাৰ্যৰ ঘোষণা কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। কোৰোণা ভাইৰাছৰ কাৰণে দেশত বৰ্তমান এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই মহামাৰী ৰোধেৰে দেশক ৰক্ষা কৰিবলৈ ২১ দিনীয়া লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোৰোণাৰ সৈতে যুঁজিবলৈ দেশবাসীৰ অৱদান বিচাৰি PM CARES Fundৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। দেশবাসীক নিজৰ সামৰ্থ অনুসৰি ডোনেট কৰিবলৈ আহ্বান জনাইছিল মোদীয়ে। এই বৰঙণিৰে যাতে কোৰোণাৰ সৈতে যুঁজ দিবলৈ সহায় হয় তাৰ কাৰণে চেষ্টা কৰিছে কেন্দ্ৰই।

    প্ৰধানমন্ত্ৰীৰ এই পূঁজিলৈ অৱদান আগবঢ়োৱাৰ লগতে মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰক ৫কোটি টকাৰ সাহাৰ্য ঘোষণা কৰিছে RIL–এ ৷

    ইয়াৰ লগতে 24x7 বিভিন্নভাৱে সাহাৰ্য কৰিছে RIL–এ ৷ মাত্ৰ দুসপ্তাহৰ ভিতৰত ভাৰতৰ প্ৰথমখন ১০০ বিচনাযুক্ত Covid-19 হাস্পতাল খুলিছে ৰিলায়েন্সে।

    ইয়াৰ লগতে স্বাস্থ্যকৰ্মীসকলৰ কাৰণে দৈনিক ১০০খন মাস্কৰ ব্যৱস্থা কৰিছে RIL–এ ৷ সমগ্ৰ দেশত ইমাৰজেন্সী ৰেচপন্স ভেহিকলৰ কাৰণে বিনামূলীয়া ইন্ধনৰ ব্যৱস্থা কৰিছে। কেৱল ইমানেই নহয় জিঅ’ৰ জৰিয়তে ৪০ কোটি মানুহৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ কাৰণে হাজাৰ হাজাৰ কোম্পানীয়ে এই টেলিকম সংস্থাৰ ওপৰত ভৰসা কৰি ‘work from home’, ‘study from home’ আৰু ‘health from home’ এই পদক্ষেপ গ্ৰহণ কৰিব পাৰিছে। Reliance Retail–এ লাখ লাখ মানুহৰ ওচৰত দৰকাৰী সামগ্ৰী যোগান দিয়াৰ কাৰণে লৈছে হোম ডেলিভাৰীৰ ব্যৱস্থা।
    Published by:Tulika Devi
    First published: