পৃথিৱীৰ সকলোতকৈ বৃহৎ প্ৰাইভেট ইকুইটি কোম্পানী চিলভাৰ লেকে (Silver Lake) এতিয়া ৰিলায়েন্স ৰিটেইলত ১.৭৫ শতাংশ অংশীদাৰিত্ব ৭৫০০কোটি টকাত ক্ৰয় কৰিব। ইয়াৰ পূৰ্বে চিলভাৰ লেকে ৰিলায়েন্স জিঅ’ত বিনিয়োগ কৰিছিল।
পৃথিৱীৰ সকলোতকৈ বৃহৎ প্ৰাইভেট ইকুইটি কোম্পানী চিলভাৰ লেকে (Silver Lake) এতিয়া ৰিলায়েন্স ৰিটেইলত ১.৭৫ শতাংশ অংশীদাৰিত্ব ৭৫০০কোটি টকাত ক্ৰয় কৰিব। ইয়াৰ পূৰ্বে চিলভাৰ লেকে ৰিলায়েন্স জিঅ’ত বিনিয়োগ কৰিছিল।
নতুন দিল্লীঃ ৰিলায়েন্স জিঅ’ৰ (Reliance Jio) পিছত এইবাৰ ৰিলায়েন্স ৰিটেইলত (Reliance Retail) চিলভাৰ লেকে বৃহৎ অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ গৈ আছে। প্ৰাইভেট ইকুইটি ফাৰ্মখনে ১.৭৫ শতাংশ অংশ ৭৫০০ টকাৰে ক্ৰয় কৰিব। ইয়াৰ পূৰ্বে আমেৰিকাৰ ইকুইটি ফাৰ্ম চিলভাৰ লেকে জিঅ’ প্লেটফ’ৰ্মতো ২.০৮ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। উল্লেখ্য যে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চাবচিডিয়াৰী কোম্পানী ৰিলায়েন্স ৰিটেল ভেন্সাৰ্চ লিমিটেডে (RRVL) ফিউচাপ গ্ৰুপৰ ৰিটেল এণ্ড হোলচেল বিজনেছ আৰু লজিষ্টিকছ এণ্ড ৱেৰহাউচিং বিজনেছ অধিগ্ৰহণ কৰিবলৈ গৈ আছে। ইয়াৰ জৰিয়তে ৰিলায়েন্স ফিউচাৰ গ্ৰুপৰ বিগ বজাৰ, ইজি ডে আৰু FBBৰ ১,৮০০ৰো অধিক ষ্টৰ্চক সামৰি লোৱা হ’ব। এইসমূহ দেশৰ ৪২০খন চহৰত বিয়পি আছে আৰু এই চুক্তি ২৪৭১৩ কোটি টকাত চূড়ান্ত হৈছে।
(ডিচক্লেমাৰ-নিউজ18 ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ কোম্পানী নেটৱৰ্ক18 মিডিয়া এণ্ড ইনভেষ্টমেণ্টৰ অংশ। নেটৱৰ্ক18 মিডিয়া এণ্ড ইনভেষ্টমেণ্ট লিমিটেডৰ গৰাকী স্বৰ্ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ওচৰত আছে।)
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|