আৰম্ভ হ'ল ৰিলায়েন্স ফাউণ্ডেশ্যনৰ স্কলাৰশ্বীপৰ বাবে আবেদন প্ৰক্ৰিয়া। এই স্কলাৰশ্বীপৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (Artificial Intelligence), কম্পিউটাৰ চাইন্স(Computer Sciences), গণিত আৰু কম্পিউটিং (Mathematics and Computing), ইলেক্ট্ৰিকেল (Electrical) তথা ইলেক্ট্ৰনিকছ ইঞ্জিনিয়েৰিং (Electronics Engineering) বিষয়ত অধ্যয়ন কৰা ভাৰতৰ সকলো সংস্থাৰে প্ৰথম বৰ্ষৰ আণ্ডাৰ-গ্ৰেজুৱেট আকু পোষ্ট গ্ৰেজুৱেট ছাত্ৰ-ছাত্ৰীয়ে আৱেদন কৰিব পাৰিব।
এই স্কলাৰশ্বীপৰ অধীনত ৬০গৰাকী আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰ-ছাত্ৰীয়ে ৪ লাখ আৰু ৪০গৰাকী পোষ্টগ্ৰেজুৱেট শিক্ষাৰ্থীয়ে ৬ লাখ টকা পৰ্যন্ত গ্ৰাণ্ট লাভ কৰিব পাৰে।
শিক্ষাৰ্থীসকলে গ্লোৱেল এক্সপাৰ্টসকলৰ সৈতে বাৰ্তালাপ কৰাৰ আৰু তেওঁলোকৰ সৈতে ভাৱৰ আদান প্ৰদান কৰাৰ সুযোগ পাব। শিক্ষাৰ্থীসকলে মেণ্টৰিং, ইণ্টাৰ্নশ্বিপ, স্বেচ্ছাসেৱকৰ বাবেও আবেদন কৰিব পাৰিব। আৱেদন কৰা প্ৰাৰ্থীসকলক ৰিলায়েন্স ফাউণ্ডেচন স্কলাৰশ্বীপৰ অধীনত এক প্ৰতিযোগিতামূলক বাছনি প্ৰক্ৰিয়াৰ অধীনত চিলেক্ট কৰা হ'ব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 20, 2021, 21:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।