• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Women Connect Challenge India| ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ফালৰ পৰা ভাৰতীয় মহিলাসকলৰ বাবে যুগান্তকাৰী পদক্ষেপ

Women Connect Challenge India| ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ফালৰ পৰা ভাৰতীয় মহিলাসকলৰ বাবে যুগান্তকাৰী পদক্ষেপ

Reliance Foundation announces Women Connect Challenge India grantees: ইয়াৰ বাবে প্ৰায় ১১ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ফালৰ পৰা প্ৰায় ৮.৫ কোটি টকা ইনভেষ্ট কৰা হৈছে।

Reliance Foundation announces Women Connect Challenge India grantees: ইয়াৰ বাবে প্ৰায় ১১ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ফালৰ পৰা প্ৰায় ৮.৫ কোটি টকা ইনভেষ্ট কৰা হৈছে।

Reliance Foundation announces Women Connect Challenge India grantees: ইয়াৰ বাবে প্ৰায় ১১ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ফালৰ পৰা প্ৰায় ৮.৫ কোটি টকা ইনভেষ্ট কৰা হৈছে।

  • Share this:
মুম্বাই: ভাৰতৰ ১০টা অৰ্গেনাইজেশ্যনক বাচনি কৰা হৈছে উইমেনকাষ্ট চেলেঞ্জ ইণ্ডিয়াৰ (Women Connect Challenge India) মাধ্যমেৰে দেশৰ নাৰীক সহায় কৰিবলৈ। এইটো হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যন তথা আমেৰিকাৰ এজেন্সী ফৰ ইণ্টাৰনেশ্যনেল ডেভলপমেণ্ট (U.S Agency for International Development / USAID) ৰ যৌথ উদ্যোগৰ জৰিয়তে প্ৰস্তুত কৰা এক বিশেষ মঞ্চ।

ইয়াৰ কাৰণে প্ৰায় ১১ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ফালৰ পৰাই প্রায় ৮.৫ কোটি টকা ইনভেষ্ট কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ প্ৰায় ১৭খন ৰাজ্যৰ প্ৰায় ৩ লাখ মহিলা তথা কন্যাক অৰ্থনৈতিক ভাৱে স্বাৱলম্বী কৰি তুলিবলৈ উন্নত ডিজিটেল টেকন’লজিৰ সহায় লোৱা হ’ব। (Joint initiative launched by Reliance Foundation and USAID)।

ৰিলায়েন্স ফাউণ্ডেশ্যনৰ চেয়াৰপাৰ্চন নীতা আম্বানী য়ে (Nita M Ambani) ইয়াৰ ঘোষণা কৰাৰ সময়ত কয়, " ই আমাৰ এনে এক মিচন য’ত সমাজৰ প্ৰত্যেকগৰাকী মহিলাক স্বনিৰ্ভৰশীল কৰি তুলিবলৈ বিচৰা হৈছে। আমি যেতিয়া জিও আৰম্ভ কৰিছিলো সেই সময়ত আমাৰ লক্ষ্য আছিল ইয়ে যেন ডিজিটেল বিপ্লৱৰ লগতে নাৰী–পুৰুষৰ সম অধিকাৰৰ বিপ্লৱ ঘটায়। এই দিশত ৰিলায়েন্স ফাউণ্ডেশ্যনে ইউ এছৰ এজেন্সী ফৰ ইণ্টাৰনেশ্যনেল ডেভলপমেণ্টৰ সৈতে যৌথ ভাৱে লিংগ বৈষম্য দূৰ কৰি ডিজিটেল ক্ষেত্ৰত নাৰীসকলক স্বনিৰ্ভৰশীল কৰি তুলিবলৈ কাম কৰিব। আমি সেই ১০টা অৰ্গেনাইজেশ্যনক যিয়ে উইমেনকাষ্ট চেলেঞ্জ ইণ্ডিয়াৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁলোকক অভিবাদন জনাইছো তথা আমন্ত্ৰণ জনাইছো।’’



যি ১০টা সংস্থাই এই গ্রান্টৰ সুবিধা পাব তেওঁলোক হৈছে– অনুদীপ ফাউণ্ডেশ্যন, বেয়াৰফুট কলেজ ইণ্টাৰনেশ্যনেল, চেণ্টাৰ ফৰ ইউথ এণ্ড ছচিয়েল ডেভলপমেণ্ট, ফ্ৰেণ্ডছ অৱ ৱমেন ৱৰ্ল্ড বেংকিং, নন্দী ফাউণ্ডেশ্যন, প্ৰফেচনেল এছিছটেণ্ট ফৰ ডেভলপমেণ্ট অকচন, ছচাইটি ফৰ ডেভলপমেণ্ট অল্টাৰনেটিভ, চলিডাৰিডাড ৰিজিওনেল এক্সপাৰটিছ চেণ্টাৰ, টিএনএছ ইণ্ডিয়া ফাউণ্ডেশ্যন তথা জেড এমকিউ ডেভলপমেণ্ট।

২০২০ বৰ্ষৰ আগষ্ট মাহত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল দেশত। ১৮০ টা এপ্লিকেশ্যনৰ ভিতৰত ১০টা অৰ্গেনাইজেশ্যনক বচা হৈছে গ্ৰাণ্ট দিয়াৰ কাৰণে। এই ১০টা সংস্থা়ৰ প্ৰত্যেককে ৭৫লাখ টকাৰ পৰা ১কোটি টকাৰ সাহায্য দিয়া হ’ব। অহা জানুৱাৰী মাহৰ ভিতৰত এই সাহায্য দিয়া হ’ব।
First published: