BP-ৰ সৈতে ৰিলায়েন্সৰ চুক্তি, আগন্তুক পাঁচ বছৰৰ ভিতৰত দেশত মুকলি কৰিব ৫৫০০ পেট্ৰ’ল পাম্প

ভাৰতবৰ্ষত পেট্ৰ’লিয়াম ব্যৱসায় প্ৰসাৰ কৰাৰ উদ্দেশ্যে ব্ৰিটিছ সংস্থা BP ৰ সৈতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ নতুন চুক্তি।

News18-Assam
Updated:August 6, 2019, 9:38 PM IST
BP-ৰ সৈতে ৰিলায়েন্সৰ চুক্তি, আগন্তুক পাঁচ বছৰৰ ভিতৰত দেশত মুকলি কৰিব ৫৫০০ পেট্ৰ’ল পাম্প
ভাৰতবৰ্ষত পেট্ৰ’লিয়াম ব্যৱসায় প্ৰসাৰ কৰাৰ উদ্দেশ্যে ব্ৰিটিছ সংস্থা BP ৰ সৈতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ নতুন চুক্তি।
News18-Assam
Updated: August 6, 2019, 9:38 PM IST
ভাৰতবৰ্ষত পেট্ৰ’লিয়াম ব্যৱসায় প্ৰসাৰ কৰাৰ উদ্দেশ্যে ব্ৰিটিছ সংস্থা BP ৰ সৈতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ নতুন চুক্তি। ৰিলায়েন্সে সমগ্ৰ দেশতে ৰিটেইল, ষ্টেচন নেটৱৰ্ক আৰু বিমান ইন্ধনৰ ব্যৱসায় বিস্তাৰ কৰাৰ লক্ষ্যৰে এই চুক্তি সম্পাদন কৰিছে। এই নতুন চুক্তিত ৰিলায়েন্সৰ শ্বেয়াৰ হ’ব ৫১ শতাংশ আৰু BP শ্বেয়াৰ হ’ব ৪৯ শতাংশ। চুক্তি অনুসৰি সমগ্ৰ দেশতে ৫৫০০ ফুয়েল ৰিটেইল ষ্টেচন খোলাৰ পৰিকল্পনা কৰিছে দুয়োটা সংস্থাই।



ইতিমধ্যে দেশত ১৩০০ ফুয়েল ৰিটেইল পাম্প স্থাপন কৰিছে ৰিলায়েন্সে। সেইদৰে ২০১৬ পৰ্যন্ত দেশৰ মুঠ ৩৫০০ টা ফুয়েল আউটলেটৰ লাইচেন্স আছিল BP ৰ। আনহাতে দেশত মুঠ ৫০০০  পেট্ৰ’ল পাম্প খোলাৰ লাইচেন্স আছে ৰিলায়েন্সৰ হাতত। যাৰ সহায়ত সংস্থাৰ মাৰ্কেট শ্বেয়াৰ দুগুণ কৰিব পৰা হ’‍ব। দেশৰ পেট্ৰ’লৰ বজাৰৰ অগ্ৰগতিৰ বাবেই এই চুক্তি সম্পাদন কৰিছে দুয়োটা সংস্থাই। দেশত ইতিমধ্যে ৩০ টা বিমান ইন্ধনৰ ব্যৱসায় কৰিছে ৰিলায়েন্সে। এই চুক্তিৰ ফলত এই সংখ্যা আৰু বৃদ্ধি কৰিব পৰা যাব বুলি আশা কৰা হৈছে। সোমবাৰে মুম্বাইত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানী আৰু BP ৰ মুখ্য কাৰ্যবাহী বব ডেডলীয়ে এই সম্পৰ্কত এক চুক্তিত স্বাক্ষৰ কৰে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে এই সম্পৰ্কত কয় যে, ‘ এই পাৰ্টনাৰশ্বীপৰ ফলত ভাৰতত পেট্ৰ’লৰ বজাৰৰ উন্নতি হ’ব। ইয়াৰ ফলত সমগ্ৰ দেশতে বিশ্বমানৰ সেৱা যোগান ধৰা সম্ভৱ হৈ উঠিব।’
আৰু চাওক পৰৱৰ্তী বাতৰি