• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Relationship Tips : জীৱন সংগীৰ আগত কেতিয়াও কৈ নেপেলাব আপোনাৰ জীৱনৰ ৪টা গোপন কথা

Relationship Tips : জীৱন সংগীৰ আগত কেতিয়াও কৈ নেপেলাব আপোনাৰ জীৱনৰ ৪টা গোপন কথা

representative image

representative image

Relationship Tips : এইয়া জানি লোৱা ভাল যে আপোনাৰ জীৱনৰ কোনবোৰ ৰহস্য আপোনাৰ জীৱন সংগীৰ সৈতে শ্বেয়াৰ কৰিলে আপোনাৰ অসুবিধা হ'ব পাৰে।

  • Share this:
বিবাহ হৈছে এনে এক সম্পৰ্ক য'ত ইজনে-সিজনক সম্পূৰ্ণ বিশ্বাসত লোৱাৰ পিছতহে আগবঢ়া যায়। আজি কালি বহুতেই ভাবে যে তেওঁলোকৰ অতীত জীৱনৰ (Past Life) বিষয়ে তেওঁলোকৰ পত্নীৰ পৰা একো লুকুৱাব নালাগে। যদিও কিছুমান লোকে ভাবে যে পাৰস্পৰিক বুজাবুজি আৰু সম্প্ৰীতি বৃদ্ধি কৰিবলৈ সকলো দম্পতীয়ে এনে কৰা উচিত কিন্তু জীৱনৰ কিতাপত অতীতৰ কিছুমান এনে পৃষ্ঠা থাকে যিবোৰ আপোনাৰ জীৱন সংগীৰ (Life Partner) আগত মুকলি কৰি দিলে আপোনাৰ বৰ্তমানৰ বাবে বিপদজনক হ'ব পাৰে।

যদিও এই সন্দৰ্ভত সকলোৰে নিজা মতামত থাকিব পাৰে, বেছিভাগ লোকেই বিশ্বাস কৰে যে তেওঁলোকৰ অতীতৰ বিষয়ে কিবা ক'লে বৰ্তমানৰ সুখৰ জীৱন বিপদত পৰিব পাৰে, আনকি সম্পৰ্ক ভাঙি বিচ্ছেদ পৰ্যন্ত গতি কৰিব পাৰে । এইয়া জানি লোৱা ভাল যে আপোনাৰ জীৱনৰ কোনবোৰ ৰহস্য আপোনাৰ জীৱন সংগীৰ সৈতে শ্বেয়াৰ কৰিলে আপোনাৰ অসুবিধা হ'ব পাৰে।

কিমানজনক ডেট কৰিছিল?
যদি আপোনাৰ সংগীয়ে আপোনাৰ অতীত জীৱনৰ (Past Life) বিষয়ে আৰু আপোনাৰ এক্সৰ নাম তালিকা জানিব বিচাৰে, তেনে সময়ত আপোনাৰ প্ৰিয়জনক অতি শান্তভাৱে এনে নকৰিবলৈ কওক আৰু ইয়াৰ কাৰণ বুজাই দিয়ক । একে সময়তে তেওঁক সদায় এইটো উপলব্ধি কৰাব যে আপোনাৰ বাবে তেওঁতকৈ আৰু ডাঙৰ কোনো নাই আৰু আপুনি তেওঁলোকৰ সৈতে অতি সুখী।

এক্সলৈ এতিয়াও মনত পৰে!
যদি আপুনি আপোনাৰ সংগীক (Life Partner) আপোনাৰ অতীতৰ বিষয়ে কৈছে আৰু আপুনি তেওঁৰ আগত বাৰে বাৰে আপোনাৰ এক্সৰ কথা উল্লেখ কৰিছে তেন্তে আপোনাৰ বাবে ই সমস্যাৰ কাৰণ হ'ব পাৰে। অতীতৰ কথা মনত পৰাটো অস্বাভাৱিক নহয়, কিন্তু তাৰ বাবে আমাৰ বৰ্তমানটো নষ্ট কৰা উচিত নহয়।

বিয়া হোৱাৰ পিছত অনুশোচনা
আপোনাৰ পত্নীৰ আপোনাৰ দেউতা বা মাতৃৰ দৰে একেবোৰ গুণ নাথাকিবও পাৰে, কিন্তু তেতিয়াও আপুনি আপোনাৰ সংগীক এই কথা অনুভৱ কৰিবলৈ দিব নালাগে যে তেওঁ আন কাৰোবাতকৈ কম। যেতিয়া আপুনি আপোনাৰ পত্নী বা স্বামীৰ কথা পৰিয়ালৰ আনৰ আগত বেয়াকৈ কয় তেন্তে বিবাহিত জীৱনত অশান্তি অহাতো স্বভাৱিক।

এক্সৰ সৈতে কি কি পৰিকল্পনা কৰিছিল
যদি আপুনি বিবাহৰ পূৰ্বে কোনো সম্পৰ্কত আছিল আৰু তেওঁক লৈ ভৱিষ্যতৰ পৰিকল্পনাও কৰিছিল, এই কথা কেতিয়াও আপোনাৰ জীৱন সংগীৰ আগত উল্লেখ নকৰিব। যি পাৰ হৈ গ'ল সেয়া শেষ হৈ গ'ল। গতিকে যদি আপুনি প্ৰতিদিনে আপোনাৰ সংগীৰ সন্মুখত এই কামবোৰ কৰে ই আপোনাৰ বৈবাহিক জীৱন ধ্বংস কৰিব পাৰে।

(Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শ সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। NEWS18 অসম নৰ্থইষ্টে এইবোৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by:Manjumoni Borah
First published: